পৃষ্ঠা:ফুল.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশম অধ্যায়।

উন্মাদিনী।

 আজি পূৰ্ণিমা তিথি। অকাশৰ পূৰঠ জোনে ৰূপালী কিৰণ ছটিয়াই জগতক আলোকিত কৰিছে; চাৰিওফালে বেৰি তেওঁৰ মুখলৈ চাই তৰাবিলাকে আনন্দত নাচিব লাগিছে, দুই এটাই লাজুকী বোৱাৰীৰ দৰে মেঘৰ আঁৰত মুখ লুকুৱাইছে। যদিও জোনৰ হাঁহিত সকলো হাঁহিছে, তথাপি চকু ঘাইকৈ তেওঁৰ চেনেহৰ প্ৰণয়িণী ভেঁট পাহিৰ ওপৰত হে আছে। বিৰহিণী ভেঁট ফুলেও দিনটো আঁতৰি থকা হৃদয়ৰ মণি চন্দ্ৰক দেখা পাই, মন মুহিবৰ মনেৰে হাঁহি হাঁহি ঘনে ঘনে মন-প্ৰাণ-হৰা কটাক্ষ নিক্ষেপ কৰিছে। এনে সময়ত কনকচন্দ্ৰৰ ফুলনি বাৰীত অসংখ্য ধুনীয়া ফুলেৰে পৰিবেষ্টিত হৈ প্ৰস্ফুটিত কমলিনীৰ নিচিনা সৌখিনি কাৰ প্ৰতিমা জিলিকি আছে? কাৰ নিৰাশাব্যঞ্জক দীঘলীয়া হুমুনিয়াৰ বা লাগি ফুলবিলাকৰ মুখ মলিন হৈ পৰিছে? ওপৰত অসংখ্য নক্ষত্ৰৰ মাজত চন্দ্ৰৰ আৰু তলত এই অলেখ ক্ষুদ্ৰ ফুলৰ মাজত এই ধুনীয়া মুখৰ গৰাকিনীৰ দেহত কি অপৰূপ সৌন্দৰ্য্য়ই লীলা কৰিছে। জোনৰ দৰেই তেৱোঁ ওচৰৰ ফুলত চকু দিয়া নাই। তেওঁৰ চকুৱে কল্পনা- আৰ্চ্চীৰ মাজেদি, কোনোৱা দূৰ দেশত থকা কিবা বাঞ্ছিত বস্তুৰ সৌন্দৰ্য্য চাই তৃপ্তি লাভ কৰিছে।