তেন্তে সৌ নৈৰ দাঁতিত এপাক ফুৰি আহাঁ গৈ। মই ভাত এমুঠিৰ দিহা কৰোঁ।” এই বুলি কনক ভাত ৰান্ধিবলৈ গ'ল, দেবেন্দ্ৰও ফুলনিৰ ফালৈ সোমাই গ'ল।
নাহৰ গছজোপাৰ তলত বহি ফুলে মালা গাঁথি আছিল। দেবেন্দ্ৰও গৈ সেইখিনি পালে গৈ, ফুলৰো মালা গঁথা হ'ল। তেওঁ লৰালৰিকৈ মালাধাৰ কাপোৰৰ তলত সুমুৱালে।
ফুলক অকলে বহি থকা দেখি দেবেন্দ্ৰই সুধিলে—“কি হে! অকলে অকলে ইয়াত বহি কি কৰিছা?”
ফুল।— একো কৰা নাই।
দেবেন্দ্ৰ —একো নকৰাকৈ মানুহ এইদৰে বহি থাকে নে?
ফুলে উত্তৰ দিবলৈ কথা নাপাই নীৰৱে তলৰ মু কৰিলে।
দেবেন্দ্ৰ।— 'কিহে, মই অহাত বেয়া পালা নে কি? তেনে বুলি জনা হলে মই ইয়ালৈ নাহিলোঁহেঁতেন।
ফুল অপ্ৰস্তুত হ'ল। লাহেকৈ, ক'লে—“কিবা এটা ভাবিছিলোঁ।”
দেবেন্দ্ৰ।—কি ভাবিছিলা?
ফুল বিমোৰত পৰিল। কি উত্তৰ দিব, একো ঠিক কৰিব নোৱাৰি নিমাত হৈ ৰ'ল। অলপ পাচত কথা পাহৰাবৰ চলেৰে ক'লেঃ—“আপুনি কাহানিলৈ যাব?”
দেবেন্দ্ৰই মিচিক কৰে হাঁহি কলেঃ —“আজিয়েই— এতিয়াই।”
ফুল।—এতিয়াই। ইমান খৰধৰ নো কিয়?