পৃষ্ঠা:ফুল.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
ফুল।

ঘৰত থকা ছােৱালী এজনীক বলেৰে কাৰবালৈ বিয়া দিব খুজিছে। তেওঁ অলপাে পলম নকৰি, মানুহক সুধি-পুছি বলোৰ ঘৰলৈ লৰ দিলে; কিন্তু ৰম্ভাক নাপালে, ফুলনিত ফুলক দেখিলে মাথােন। ইফালে মানৰ নাম শুনি সকলো বিয়াঘৰীয়া মানুহ পলাবলৈ ধৰিলে; ফুলো ওলাই লৰ মাৰিলে । উন্মাদিনীয়ে প্রকাশ্যে দেখা নিদি তেওঁৰ পাচে পাচে যাবলৈ ধৰিলে আৰু ফুল আৰু দেবেন্দ্ৰৰ কথা-বতৰা শুনি, আকৌ অদৃশ্যভাবে তেওঁলােকৰ পাচ ল'লে । তাৰ পাচত দেবেন্দ্ৰ-ফুলৰ দশা আৰু মদনহঁতৰ মন্ত্রণা শুনি ৰাতিয়েই তাৰ পৰা আঁতৰিল। পাচ দিনা নৈৰ ঘাটত উপস্থিত হৈ, নাও বুৰা দেখি, পদ্মকান্তৰ সাহায্যেৰে দেবেন্দ্ৰ আৰু ফুলক উদ্ধাৰ কৰিলে।

 ৰম্ভাক আকোঁৱাল মাৰি ধৰাৰ পাচত অতিশয় উত্তেজনাৰ নিমিত্তে উন্মাদিনী একেবাৰেই সংজ্ঞাশূন্য হৈ পৰিল কিছুমান বেলিৰ মূৰত কৈ উঠিল,—“ৰম্ভা! ৰম্ভা! হায় ! মােৰ ৰম্ভা কলৈ গ’ল?” অলপ পাছত আকৌ ক'লে—“মান! মান! তহঁতৰ আয়ুস টুটিল, অচিৰে তহঁতৰ নাম নুমাব। তহঁতৰ সংহাৰৰ নিমিত্তে বিধাতাই বজ্ৰ নিৰ্ম্মাণ কৰিব লাগিছে। তহঁতৰ নিমিত্তেই, তহঁতকে আৰ্হি লৈ দুষ্টহঁতে মােৰ হৃদয়ৰ ৰত্নটি কাঢ়ি নিলে। সােনকালে তহঁতৰ দশাও আমাৰ নিচিনা হব ! ৰম্ভা ! ৰম্ভা! মােক এৰি, মােৰ বুকু শুদা কৰি, তই কলৈ গলি ?”

 ৰম্ভাই মাকৰ গাত ধৰি কলেঃ—“আই! আই! মই আছোঁ নহয়।"