ডেকাই চকু দুটা গাভৰুৰ ওপৰত থৈ মনে মনে এনেকৈ
প্ৰশ্ন কৰি আছে, গাভৰুও আহি আগৰ দৰেই পানীত নামিছে,
এনেতে ডেকা গাভৰুৰ চকুৰ দৃষ্টি মিহলি হ'ল। ঘাটৰ ওচৰত
এজন অচিনাকি মানুহ দেখি গাভৰু প্ৰথমে আচৰিত হ’ল আৰু
অলপ ভয়ো খালে, কিন্তু সেই ভয় বেছি পৰ নাথাকিল;
ডেকাজনৰ গঢ়-গতি দেখিয়েই তেওঁ এজন সাধু পুৰুষ বুলি
গাভৰুৰ মনত বিশ্বাস জন্মিল। তেওঁ নিজে নিজে ক'লে :—
“এনে জন পুৰুষৰ মনত কেতিয়াও কু ভাব থাকিব নোৱাৰে।
তেওঁক দেখিলেই দয়া, মমতা আৰু পৰোপকাৰৰ সজীৱ মূৰ্ত্তি
বুলি বোধ হয়।”
ডেকা গাভৰুৰ মনত তেতিয়া কি ভাবৰ ধুমুহা উঠিছিল, তাক কোনে জানে! গাভৰুৱে তেতিয়া তেওঁৰ অৱস্থিতি পাহৰি গ’ল; কিবা এটা অজ্ঞাত ভাবৰ সোঁতত তেওঁ উটি গ'ল। ভয়তেই হওক, বা আন কাৰণতেই হওক তেওঁ পানীত নামি যোৱাৰ লগে লগে একো একোবাৰ ডেকাৰ প্ৰতি দৃষ্টি-পাত কৰিবলৈ ধৰিলে। ডেকাজনেও আগৰ দৰেই গাভৰুক চাই থাকিবলৈ ধৰিলে। যিমানেই চাইছিল সিমানেই তেওঁৰ চাবৰ হেপাহ বাঢ়ি গৈছিল। কিন্তু ই কি। ই যে বিনা মেঘে বজ্ৰপাত! গাভৰু ক'লৈ গ'ল! তেওঁ যে চাই থাকোঁতেই পানীৰ মাজতে অদৃশ্য হৈ গ'ল! ডেকাই একো বুজিব নোৱাৰিলে; তেওঁৰ আপাদ-মস্তক কঁপি উঠিল।
⸻