সেই কাৰণে তাক মই লোৱা অনুচিত। এই লোৱাঁ তোমাৰ মালা, ”
ফুলে মালাধাৰ নলৈ ক'লেঃ—“আপুনি পিন্ধক।”
দেবেন্দ্ৰ —মই নিজে এবাৰ পিন্ধিলোঁ, এতিয়া তুমি নিজে পিন্ধাই নিদিলে, মই নিপিন্ধোঁ।
দেবেন্দ্ৰই মালাধাৰ ফুলৰ হাতত দিলে, ফুলে অগত্যা কঁপা হাতেৰে তাক দেবেন্দ্ৰৰ ডিঙিত পিন্ধাই দিলে। যি জনে প্ৰাণ বক্ষা কৰিছে, তেনে জনৰ অনুৰোধ তেওঁ উপেক্ষা কৰিব কেনেকৈ?
দেবেন্দ্ৰই ক'লেঃ —“এই মালাধাৰিয়ে আজিৰ ঘটনাৰ বাহিৰেও তোমাৰ নামটি সদায় মোৰ মনত পেলাই থাকিব।”
ফুল।—মোৰ নামেৰে নো কি কৰিব?
দেবেন্দ্ৰ।— তোমাৰ নামেৰে কি কৰিম?—থাওক এতিয়া নকওঁ। যদি পাচেবৈ সময় পাওঁ, যদি প্ৰাণ লৈ উলটিব পাৰোঁ, যদি ঈশ্বৰ কৃপাত ভালে-কালে আকৌ এই খিনি পাওঁহি, তেতিয়া কম; তেতিয়া বুজিবা—তোমাৰ নামেৰে কি কৰিম।
বতাহত কঁপা মাধৈমালতীৰ দৰে ফুলৰ গোটেই গা কঁপিবলৈ ধৰিলে। “যদি পাচেকৈ সময় পাওঁ”—“যদি প্ৰাণ লৈ উলটিব পাৰোঁ।” – “যদি ভালে কালে আকৌ এই খিনি পাওঁহি”—এইবোৰৰ মানে কি? লাহে লাহে ক'লেঃ— “আপোনাৰ কথাৰ অৰ্থ একো নুবুজিলোঁ।”