পৃষ্ঠা:ফুল.pdf/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৭
ফুল।

মাথোন গছৰ ডালত পৰি থকা ফেঁচাই সময়ে সময়ে কঠুৱা মাতেৰে গভীৰ ৰাতিক আৰু গভীৰ কৰি তুলিছে। শিয়াল-বাঘ আদিয়ে গৰু ছাগলী আদি ঘৰচীয়া জন্তু ধাৰ খাবৰ মনেৰে ডাঠ হাবিৰ মাজৰ পৰা লাহে লাহে মুকলিলৈ ওলাইছে আৰু বাটত দুয়োৰে দেখা-দেখি হ’লত শিয়ালে “ফেউ, ফেউকৈ” বাঘ অহাৰ জাননী দিছে। চোৰ-ডকাইত আদিয়েও সিহঁতৰ উপযুক্ত সময় অহা দেখি, জোলোঙা-জুপুৰি বান্ধি বাহিৰ ওলাইছে। সুযোগ পাই পদ্মকান্তও ৰম্ভাৰ ওচৰলৈ গ'ল।

 মদন আৰু বাপেকৰ কথা-বতৰা শুনি পদ্মই দিনতে ৰম্ভাক সাৱধান কৰিবলৈ ইচ্ছা কৰিছিল; কিন্তু সুবিধাৰ অভাৱত সেই কাম ৰাতিলৈ থৈ দিবলৈ বাধ্য হৈছিল।

 ৰম্ভাই দস্যুৰ হাতৰ পৰা সাৰিলোঁ বুলি ভাবি আজি দুদিনৰ হাৰণ পূৰাই নিশ্চিন্ত মনে শুই আছে। ওচৰতে এটা সৰিয়হৰ তেলৰ চাকি লাহে লাহে জ্বলি আছে। সেই চাকিৰ পোহৰত ৰম্ভাৰ মুখমণ্ডল দুগুণকৈ উজ্জ্বল হৈ উঠিছে। আহা! কি মনোহাৰিণী মূত্তি! কি সুন্দৰ নাক-মুখৰ গঠন! কেউফাললৈ সিচ্ ৰতি হৈ পৰি থকা চুলিটাৰীয়েই বা কেনে শোভা ধৰিছে। টোপনিত অৰ্দ্ধোন্মুক্ত বক্ষস্থলত কি অনিন্দনীয় সৌন্দৰ্য্যই লীলা কৰিছে! পদ্মকান্ত ৰম্ভাৰ সেই অপ্সৰাদুৰ্ল্লভ ৰূপ দেখি মোহিত হ’ল, একেৰাহে চাবলৈ ধৰিলে। চাই মানে যেন তেওঁৰ হেপাহ নপলায়। তেওঁ যেন সদায় চকুৰ আগতে ৰাখি দিনে-ৰাতিয়ে চায়েই থাকিব। তেওঁ প্ৰথমেই ৰম্ভাক জগাবলৈ চাপি গ’ল;