পৃষ্ঠা:ফুল.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
ফুল ।

এখন ওপৰলৈ দঙা তৰোৱালৰ জিকমিকনি দেখা গল; পাচৰ মুহূৰ্ততে মানটোৰ ডিঙিৰ পৰা মূৰৰ বিচ্ছেদ ঘটিল।

 ৰম্ভাই ঘটনাৰ একো মোৰ ধৰিব নোৱাৰি থৰ লাগিল, অজ্ঞাতসাৰে মুখৰ পৰা চিঞৰ ওলাল। আন সময়ত হোৱা হ'লে সেই চিঞৰ শুনি মানুহে জুম পাতিলেহিহেঁতেন; কিন্তু আজি তালৈ কোনে কাণ কৰে! লোকৰ কথালৈ কাণ দিয়া দূৰত থাকোক, আপোন প্ৰাণ লৈয়েই টনাটনি! সকলো গা সৰুৱাবৰ কাৰণে পলায়নত ব্যস্ত। ৰম্ভাই দেখিলে, সম্মুখত খাপৰ পৰা উলিওৱা তৰোৱাল দাঙি এজন বীৰপুৰুষ থিয় দি আছে। তেওঁৰ সৌম্য মূৰ্তি দেখি ৰম্ভাৰ মনত সাহ জন্মিল; ঘাইকৈ যেতিয়া তেওঁ “নিৰাশ্ৰয়া অবলাৰ প্ৰতি অত্যাচাৰ কৰোঁতা আৰু কোন আছ, চাপি আহহঁক, এটা এটাকৈ যমৰ আলহী কৰিম” বুলি কোৱা শুনিলে, তেতিয়া ৰম্ভাৰ হৃদয় ভক্তি আৰু আনন্দত আপ্লুত হৈ পৰিল। তেওঁ একেৰাহে সেই পুৰুষলৈ চাবলৈ ধৰিলে। ৰম্ভাই সেই দৰে চোৱা দেখি সৈনিকজনে আচৰিত অথচ পৰিচিত ভাবেৰে সুধিলে -“তুমি দেখোন বেয়াকৈ চাইছা? চিন হেৰুৱালা নে কি?”

 ৰম্ভা।—আপোনাক ইয়াৰ আগেয়ে দেখা মোৰ মনত নপৰে।

 সৈনিক।-বুজিলোঁ; সংসাৰত তিৰুতাৰ চিন ধৰা অতি দুঃসাধ্য। দুদিন—দুদিন নৌ হওঁতেই চিনি নোপোৱা হ'লা। নিশ্চয়, মই বুজিছোঁ‌, কেঁচা-বাঁহত ঘুণে ধৰিলে। হায়! কালৰ