পৃষ্ঠা:ফুল.pdf/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৯
ফুল ।


 পদ্মকান্তও অতিকৈ আচৰিত হ’ল। কিয়নো, তেওঁ ৰম্ভাৰ কথাকেষাৰ স্পষ্টকৈ শুনিবলৈ পাইছিল। তেওঁ সচকিত নেত্ৰে ৰম্ভালৈ চাই থাকি মাত লগালেঃ—ৰম্ভা!”

 ৰম্ভাই চকু-মূৰ মোহাৰি ৰ লাগি পদ্মলৈ চাবলৈ ধৰিলে। এতিয়াও তেওঁৰ টোপনিৰ জাল মৰা নাই। সেই কাৰণে, দিনত পদ্মক দেখিছিল যদিও, এতিয়া তেওঁ চিনিব নোৱাৰিলে। তেওঁ ভাবিলে,—“এওঁ কোন? কি কাৰণত এই মাজনিশা মোৰ ওচৰলৈ আহিছে? নিশ্চয় মনত কিবা কু অভিপ্ৰায় আছে।” তাৰ পাচত বুকত সাহ বান্ধি তেওঁলৈ চাই থাকিবলৈ ধৰিলে।

 পদ্মই আকৌ মাত লগালেঃ—"ৰম্ভা, নামাতা কিয় ৰম্ভা?"

 ৰম্ভাই এইবাৰ পদ্মকান্তক চিনি পালে। কিন্তু তেওঁৰ মনৰ ভাব বুজিব নোৱাৰি মনে মনে থাকিল।

 ৰম্ভাক নীৰৱ দেখি পদ্মই ক'বলৈ ধৰিলেঃ—“ৰম্ভা তুমি ভয় নকৰিবা। মোৰ পৰা তোমাৰ তিলমাত্ৰও অপকাৰ নহয়, বৰং মোৰ কথা শুনিলে তোমাৰ উপকাৰ হে হ’ব। তুমি চাগৈ মোক ইয়াত দেখি মোৰ স্বভাৱৰ ওপৰত সন্দেহ কৰিছা। অৱশ্যে, এনে সময়ত সকলোৰে তেনে ঘটাতো অৱশ্যম্ভাবী। কিন্তু আচলতে, মই তোমাৰ উপকাৰৰ নিমিত্তে হে ইয়ালৈ আহিছোঁ।”

 ৰম্ভাই পদ্মৰ কথাত বিশ্বাস কৰিব নোৱাৰিলে। কিয়নো, তেওঁৰ মনত মদনৰ দুষ্ট স্বভাৱৰ কথা দকৈ বহিছিল। তেওঁ মুখেৰে একো নামাতি পদ্মৰ ফাললৈ চাবলৈ ধৰিলে।

 পদ্মই কবলৈ ধৰিলেঃ— মই বুজিছোঁ, তুমি মোৰ কথা