পৃষ্ঠা:ফুল.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
ফুল।

লাগিব। হওঁতে মোৰ মনেৰে তুমি অন্ততঃ কেইদিনমানৰ নিমিত্তে আঁতৰি থকা হে মঙ্গলজনক। কিয়নো ডকাইতহঁত আকৌ তোমাক বিচাৰি নোযোৱাকৈ নাথাকে। সেই কাৰণে, মোৰ মতে, ওচৰৰে কোনো মানুহৰ ঘৰত দিহা লগাই থোৱাটোহে বেছি মঙ্গলজনক আৰু সুবিধাজনক। পাচে, তুমি কি কোৱা?

 ফুলে কোমল মাতেৰে ক'লেঃ—“মই কি কম। আপুনি মোক বিপদৰ পৰা ৰক্ষা কৰিছে; এতিয়াও যি ভাল দেখে তাকে কৰক। মই আজিলৈকে এনে বিপদত পৰা নাই; গতিকে, এনে বিষয়ৰ ধাৰো খোৱা নাই।”

 “ব’লা তেনেহলে এই ওচৰৰ গাওঁখনলৈকে যাওঁ” বুলি পদ্মই ফুলক লৈ টুক টুক কৰে যাবলৈ ধৰিলে।

⸺:০:⸺



পঞ্চদশ অধ্যায়।

⸻:*:⸻

গাৱঁলীয়া সমাজ।

 ফুলগুৰি এখন মজলীয়া তৰপৰ গাওঁ। লোক সংখ্যা তিনি কুৰিতকৈ ওপৰত। সকলোৰে ভিতৰত বেছ মিলা-প্ৰীতি আছে। যদিও সৰহভাগ মানুহেই অশিক্ষিত, তথাপি কপটতা আদি দুষ্ট- প্ৰবৃত্তি-শূন্য।