পৃষ্ঠা:ফুল.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টাদশ অধ্যায়।

⸻:০:⸻

ফুলৰ কি হ’ল?

 পদ্মকান্তই থৈ যোৱাৰ পাচত ফুল বলোৰামৰ ঘৰতে থাকিবলৈ ধৰিলে। বলোৰাম আৰু ঘৈণীয়েকেও তেওঁক জীয়েকৰে সৈতে সমানে আদৰ-সাদৰ কৰে, ফুলেও তেওঁলোকক মাকবাপেকৰ দৰে ভক্তি কৰে। এইদৰেই এদিন গ’ল, দুদিন গল, লাহে লাহে এপষ পাৰ হ'ল। কিন্তু ফুলক বিচাৰি কেওঁ নাহিল। পদ্মকান্তও কলৈ গ'ল তাৰ ঠিক নাই। ফুলৰ মনত সদায় চিন্তা, চকুত সদায় চকু-লো।। তেওঁ তেওঁৰ চেনেহৰ বাপেক, চেনেহৰ ঘৰৰ কথা সমূলি পাহৰা নাই। কেনেকৈ নিজৰ ঘৰ আকৌ দেখিবলৈ পাব, বাপেকৰ বুকত মুখ লুকুৱাই কান্দিবলৈ পাব,—এয়ে তেওঁৰ দিন-ৰাতি চিন্তা। আৰু দেবেন্দ্ৰ! যাৰ মূৰ্ত্তি তেওঁৰ অন্তৰত পোত খাই ৰৈছে, তেওঁৰ বাতৰি নাই। তেনে হলে আকৌ দেখা নহব নে কি? তেনে হলে তো সৰ্ব্বনাশ! দেবেন্দ্ৰৰ লগত দেখা নহলে আধাফুলা অৱস্থাতে ফুল শুকাই যাব যে! ফুলৰ মানত এতিয়া আকাশ-পাতাল, জল-স্থল,—সকলোতে দেবেন্দ্ৰ। তাতোকৈ তেওঁৰ মনঃপটত দেবেন্দ্ৰৰ উজ্জ্বল মূৰ্ত্তি জিলিকিব লাগিছে। কিন্তু সেই মূৰ্ত্তি