পৃষ্ঠা:ফুল.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ফুল।

বিধি বিধান খণ্ডাব নোৱাৰি, তেওঁৰ কোপ দৃষ্টিত পৰি আমাৰ মিলনৰ বান্ধ সুলকি পৰিল। পৰহি দিনা সন্ধ্যা সময়ত মই পানী আনিবলৈ ঘৰৰ আগত থকা পুখুৰীলৈ গৈছিলোঁ; এনেতে ক'ৰ পৰা ক'ব নোৱাৰোঁ, দুটা শকত আৱত মানুহ গৈ তাতে ওলাল আৰু সোধ-পোছ নোহোৱাকৈ এটাই মোক থাপ মাৰি ধৰি বোকোচা লৈ লৰ দিলে। মই চিঞৰত গছৰ পাত সৰাবলৈ ধৰিলোঁ, কিন্তু মান আহিছে বুলি কোনো খেদি নাহিল। আয়ে কান্দি কান্দি পাচত চুলি মেলি লৰি অহা দেখিছিলোঁ, কিন্তু এনে সময়তে সিহঁতে মোক এডৰা হাবিৰ মাজত সুমুৱালেনি। আই কেনি গ’ল, কি হ’ল, মই একোকে ক'ব নোৱাৰোঁ। তাৰ পাচত সিহঁত সেই হাবিয়ে হাবিয়ে কিছুমান বেলি গৈ এখন নৈ পালে; নাৱেৰে সৈতে নৈ পাৰ হৈ মোক এখন জাৰনিৰ মাজলৈ লৈ গল আৰু এটা ঘৰত সুমুৱালে। তেতিয়া ৰাতি অলপ হে আছিল; সিহঁতে মোক তাতে এৰি গুচি গ'ল, যাবৰ সময়ত দুৱাৰখন ভালকৈ বান্ধি থৈ গল। মই গোটই ৰাতিটো কান্দি- কাটি বহি থাকিলোঁ। ৰাতি পুৱাওঁতেই আগদিনাৰ এটা মানুহে কিবাকিবি খোৱাবস্তু অলপমান লৈ আহিল মানুহটোৰ নাম হেনো মদন। সি মোৰ ওচৰত বস্তুখিনি থৈ নানা প্ৰকাৰ কথা কবলৈ ধৰিলে। মই তাৰ কথালৈ কাণ নিদি মোক ঘৰত থৈ আহিবলৈ কাকূতি কৰিবলৈ ধৰিলোঁ। সি মোৰ কথা শুনি পিশাচৰ দৰে হো হো কৰে হাঁহিবলৈ ধৰিলে আৰু পাচত মোৰ লগত তাৰ বিবাহ প্ৰস্তাৱ কৰিলে। মই লাজ, ভয় আৰু ঘিণত