পৃষ্ঠা:ফুল.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
ফুল।

গৰাত থিয় দিলা আৰু বিজুলী পোহৰত মই আধাডোখৰীয়াকৈ দেখা পালোঁ, তেতিয়া তুমি কি ভীষণ উদ্দেশ্য লৈ আহিছা তাক বুজিবলৈ আৰু বাকী নাথাকিল। সেই দেখি মই একে লৰেই গৈ ধৰি পেলালোঁ। কিয় তুমি এনে ভীষণ কাৰ্য্য কৰিবলৈ আগ বাঢ়িছিলা?

 ফুল।—অৱস্থাই তেনে কৰিবলৈ বাধ্য কৰিছিল। আগেয়ে এই বিপদৰ পৰা সাৰিব পাৰিলে জীয়াই থাকিবলৈ বৰ আগ্ৰহ আছিল, কিন্তু যেতিয়া এই জন্মত আপোনাক দেখা পোৱাৰ আশা নাই বুলি শুনিলোঁ, তেতিয়া আৰু জীয়াই থকাৰ পৰা সম্পদতকৈ পদে পদে বিপদ ঘটাৰ বাহিৰে আন একো নেদেখিলোঁ। সেই কাৰণে ধৰ্ম্মৰক্ষাৰ নিমিত্তেও তেনে কৰাকে উচিত বুলি ভাবিছিলোঁ। এতিয়া কওকচোন কিয় আপোনাৰ তেনে অমঙ্গলীয়া বাতৰি ওলাইছিল।

 দেবেন্দ্ৰই আদিৰ পৰা অন্তলৈকে সকলো বয়-বাতৰি বৰ্ণনা কৰিলে। শুনি শুনি ফুলৰ চকু চলচলীয়া হৈ উঠিল।

 দেবেন্দ্ৰৰ লগত কিবাকিবি জলপান গৈছিল, দুয়ো তাকে খাই-বৈ সেই নৈৰ দাঁতিৰ বালিতে বাকীডোখৰ ৰাতি অতিবাহিত কৰিলে।

 ৰাতিপুৱা দুয়ো কনকৰ ঘৰৰ ফাললৈ খোজ ল'লে। ওপৰত নীল আকাশ, তাৰে পূব চুকত ৰাঙলী বেলিৰ বিবিধ ৰঙেৰে ৰঞ্জিত জগৎ-ভুলোৱা কিৰণৰ ছটা। চাৰিওফালে প্ৰকৃতিৰ মনমোহা—জগতৰ আদি আৰু অকৃত্ৰিম সাজ গছ-লতা,