এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
ফুল।
মনৰ পৰা ভূতৰ ভয় সমূলি নুগুচিল। পাঠকসকলে বুজিব লাগিব যে এই মিনাৰামেই পাত আনিবলৈ গৈ বৰগীত গাইছিল আৰু ফুলক দেখি বলেৰে ধৰি আনিব খুজিছিল। তাৰ পাচত পদ্মই খেদি অহা দেখি সেইবোৰ ভৌতিক কাণ্ড বুলি ভয় খাই লৰ মাৰিছিল।
পদ্মৰ কথা শুনি বলোৰামে ক'লেঃ—“যদি তোমালোকৰ আপত্তি নাই, তেন্তে ফুলক মোৰ ঘৰতে ৰাখিব পাৰা। মোৰো ঘৰত সৰহীয়া মানুহ নাই। লৰা ছোৱালীৰ ভিতৰত এটী ছোৱালীয়েই সকলো বুলিব লাগে।
পদ্মকান্ত বলোৰামৰ কথাত মান্তি হ'ল আৰু ফুলক থৈ তাৰ পৰা গুচি গ'ল। ফুল বলোৰামৰ ঘৰতে থাকিবলৈ ধৰিলে।
⸻⸻
ষোড়শ অধ্যায়।
⸻:০:⸻
ঋণ-পৰিশোধ।
ৰণ শেষ হ’লত স্বৰ্গদেৱ কিছুমান সৈন্যেৰে সৈতে এডোখৰ ঠাইত গোট খালে। মানসেনাটোৱেও তাৰ প্ৰতিজ্ঞা ভঙ্গ কৰা নাছিল। সি যদিও স্বজাতিৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাছিল, তথাপি দেবেন্দ্ৰক বহুতো কাৰ্য্যত সাহায্য কৰিছিল। স্বৰ্গদেৱে নিজৰ