পৃষ্ঠা:ফুল.pdf/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৪
ফুল।

আহিব লগাত পৰিলোঁ; কিন্তু আহি আহি এই হাবিৰ মাজ পাওঁতেই কোনোবা তিৰুতা মানুহৰ কান্দোন শুনিলোঁ। মই তেতিয়া লগত লৈ অহা গাভৰুক তাতে এৰি কান্দোনৰ ফাললৈ খেদি গ'লোঁ। কিন্তু কতো কাকো দেখা নাপালোঁ; মাথোন হাবিৰ মাজত এখন দোলা পৰি থকা পালোঁ গৈ। তেতিয়াৰে পৰা গোটেই হাবি বিচাৰি কাৰো শুংসূত্ৰ উলিয়াব নোৱাৰি, মনে মনে কিবাকিবি ভাবি-চিন্তি আছিলোঁ; এনেতে তোমাৰ কৰুণ আৰ্ত্তনাদ শুনি ওচৰলৈ চাপি আহিছোঁ। তুমি মোলৈ ভয় নকৰিবা, মই যথাসাধ্য তোমাৰ উপকাৰ হে কৰিম।

 গাভৰু।— আপুনি যেতিয়া পৰৰ উপকাৰৰ অৰ্থেই এনে ঠাইলৈ আহিছে, তেনে স্থলত, আপোনাৰ ওচৰত পৰিচয় দিবলৈ একে আপত্তি নাই। আপুনি শুনিব খুজিছে যেতিয়া শুনক,— আমাৰ ঘৰ ভৰলী নৈৰ দাঁতিতে। কালি সন্ধিয়া মই অকলে অকলে নৈৰ দাঁতিৰ ফুলনিত বহি জুৰ লৈ আছিলোঁ। এনেতে গোটাচেৰেক মানুহে মোক বলেৰে ধৰি আনি এখন নাৱত তুলি দিলে। তেতিয়া মই অচেতন হৈ পৰিছিলোঁ। কিছুমান বেলিৰ মুৰত মোৰ চেতনা আহিলত মই দেখিলোঁ সিহঁতে মোক এখন দোলাত তুলি হাবিৰ মাজে দি লৈ গৈছে। মই কান্দিবলৈ ধৰিলোঁ। তাৰ পাচত সিহঁতে হঠাৎ মোক দোলাই সৈতে পেলাই লৰ মাৰিলে। সিহঁতক লৰ মৰা দেখি, কিবা বিপদ ওচৰ চাপিছে বুলি ভাবি, ময়ো আন এফালে লৰ মাৰিলোঁ। মোৰ মনেৰে আপুনি সেইখন দোলাকে হে দেখা