পৃষ্ঠা:ফুল.pdf/১৪৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩৭
ফুল।

খুন্দা মাৰিলে। নাও লুটি খাই গ'ল আৰু লগে লগে আৰোহী- বিলাকো সেই বিস্তৃত জলৰাশিৰ বিশাল ঢৌৰ লগত মিহলি হৈ মাৰ গ'ল। পাপৰ পৰাচিত হ'ল।

 এই ঘটনা দেখি পদ্মকাণ্ড চৰগপৰা মানুহৰ দৰে থিয় হৈ চাইয়েই থাকিল। এনেতে আমাৰ পৰিচিতা সেই উন্মাদিনী আহি তেওঁৰ ওচৰ চাপিল। তেওঁ পদ্মৰ কথা-বতৰা সকলোখিনি শুনি আছিল। পদ্মই হঠাৎ তেওঁক দেখি, ক’ৰ পৰা আহিছে সুধিলে। উন্মাদিনীয়ে তাৰ একো উত্তৰ নিদি ক'লেঃ—“বহুত দিন হ’ল মই তোমাক বিচাৰি ফুৰিছিলোঁ। তুমি সোনকালে আহাঁ।

 পদ্ম।—ক’লৈ যাব লাগে?

 উন্মাদিনী।—“কলৈ যাব লাগে” পাচেও বুজিব, এতিয়া মই বাট দেখুৱাই নিম।

 পদ্ম।—পৰিচয় নাপালে মই তোমাৰ লগত যাব নোৱাৰোঁ।

 উন্মাদিনী।—এজনী তিৰুতা মানুহৰ লগত যাবলৈ ভয়!

 পদ্ম।—‘কলৈ যাব লাগে’ তাক নজনাকৈ যোৱা নিতান্ত অবিবেচকৰ কাৰ্য্য। কি জানি তুমি নিব খোজা ঠাইলৈ যোৱাত মোৰ বাধায়েই আছে।

 উন্মাদিনী।— বাৰু, উৰহী গছৰ ওৰ নাপালে নেৰা যদি কওঁ শুনা। এতিয়াই এই নৈত এখন নাও বুৰা দেখিছিল নে?

 পদ্ম।—ওঁ, দেখিছিলোঁ।

১০