পৃষ্ঠা:ফুল.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ফুল।

মৰ্ম্মান্তিক হৈ তলমূৰ কৰি কান্দিবলৈ লাগিলোঁ। সি তাৰ কথাৰ একো উত্তৰ নাপাই লাহে লাহে ওলাই গ'ল আৰু দুৱাৰ খন বান্ধি বাহিৰৰ পৰা শলখা মাৰিলে।

 মদন গুচি যোৱাৰ পাচত মই ঘৰটোৰ কেউ চুক ভালকৈ চাই-চিতি ললোঁ; এঠাইত মাটিৰ তলত পৰি থকা এখন কটাৰী পালোঁ, তাকে মচি-কুচি কাপোৰৰ তলত সুমুৱাই ললোঁ। কটাৰীখন পাই মোৰ মনত সাহ হ’ল; মনতে ভাবিলোঁ, ‘সিহঁতৰ হাতৰ পৰা সাৰিব নোৱাৰিলেও সিহঁতে মোৰ ওপৰত একো অত্যাচাৰ কৰিব নোৱাৰে। কিয়নো টনাটনি দেখিলে আপোনঘাতী হৈ কলঙ্কৰ হাত সাৰিব পাৰিম’। এই ভাৱনাত তল গৈ ঈশ্বৰক চিস্তি দিনটো বহি থাকিলোঁ। মাজনিশা-মানত এটা মানুহে কিবাকিবি খোৱা বস্তু অলপমান লৈ আহি ওচৰতে থ'লে। তাৰ পাচত কিছুমান বেলি বাৰে-ভচহু কথা চোবাই থাকি মোৰ প্ৰতি পশুৱৎ আচৰণ কৰিবলৈ উদ্যত হ'ল। মই নিৰুপায় হৈ কটাৰী খন তাৰ গাত বহুৱাই দিলোঁ। সি বাগৰ খাই পৰিল। সেই অৱসৰতে মই ওলাই গুচি আহিলোঁ।

 হালোৱা — তেনেহলে তুমি এতিয়াও নিৰাপদ হব পৰা নাই; সিহঁতে চাগৈ এতিয়া কেউফালে তোমাৰ বিচাৰ লগাইছে। সেই কাৰণে, ব’লা, তোমাক মোৰ ঘৰতে থৈ আহোঁ; আন কথাৰ পিচে পৰেও দিহা কৰা যাব।

 ৰম্ভাই সম্মতি প্ৰকাশ কৰিলে। বুঢ়াই ৰম্ভাক ঘৰলৈ লৈ