পৃষ্ঠা:ফুল.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ফুল।

পালে তেওঁ বাপেকৰ দুষ্কাৰ্য্য়ৰ প্ৰতিবাদ নকৰাকৈ নাথাকে। সেই কাৰণে, বাপেকেও পৰাপক্ষত সকলো কাম পদ্মৰ অজ্ঞাতসাৰে কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ তলে তলে সকলো জানে। আজি মদন আৰু বাপেকৰ মাজত হোৱা কথা বতৰাও তেওঁ বাৰৰ আঁৰৰ পৰা শুনি আছিল। শুনি থাকি তেওঁ ভাবিবলৈ ধৰিলেঃ –“ই বৰ অন্যায় কথা! বিপদৰ হাত এৰাবৰ মনেৰে এজনে যদি কাৰবাৰ ওচৰত সাহায্য বিচাৰে, তেন্তে প্ৰাণপণ কৰিও তেওঁক ৰক্ষা কৰা উচিত। যদি তাকে নকৰি আশ্ৰিতজনক আৰু এটা নতুন বিপদত পেলোৱা যায়, তেন্তে সেইটো কিয় মহাপাপ নহ'ব? ঈশ্বৰৰ ৰাজ্যত এনে মহাপাপৰ পৰাচিত নাই নে? যদি ঈশ্বৰ আছে, যদি পৃথিবীত ধৰ্ম্ম আছে, তেন্তে নিশ্চয় এদিন ইয়াৰ উচিত দণ্ড হ'ব। তাৰ পাচত লাহে লাহে ক'লেঃ—“হায় ৰম্ভা! তুমি বাঘৰ চোঙৰ পৰা ওলাই সিংহৰ গাতত সোমালাহি। হায়! নিয়তিৰ কুটিল ইচ্ছা! সংসাৰৰ গতি নুবুজা নিৰ্দ্দোষী অবলাৰ এই দশা!”

⸻⸺