পৃষ্ঠা:ফুল.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ফুল।

লৈ যায় এইদৰে কিছুমান বেলি আনন্দ উপভোগ কৰাৰ পাচত এবাৰ কলহটো পানীত জুবুৰিয়াই দিলে। কলহৰ পেটত এপেট হৈ সোমাই থকা বায়ুখিনিয়ে পানী সোমাৱাত বাধা দিব নোৱাৰি নিজেই হাৰ মানি, খঙত গোৰোহণি মাৰি উঠিল আৰু বক্ বক্ কৈ কিবাকিবি কৈ পানীক ডবিয়াই, “বল নাইকিয়া সাপৰ ফোঁপা উৰিয়েই সাৰ” কথাৰ প্ৰমাণ দেখুৱাই থিতাতে আঁতৰ হ’ল। গাভৰুৱে পানী কলহ লৈ অহা বাটেই উঠি গ'ল আৰু সৰু সৰু ফুল-গছবিলাকৰ গুৰিয়ে গুৰিয়ে অলপ অলপকৈ ঢালি দিলে। লাহে লাহে কলহৰ পানীৰ অন্ত পৰিল , তেওঁ আকৌ নৈৰ ফাললৈ খোজ ললে।

 আমাৰ অশ্বাৰোহী ডেকা শিলত বহি জিৰণি লোৱাৰ লগে লগে গাভৰুৰ ৰেহ-ৰূপ চাই ভোল গৈছিল। চাই থাকি থাকি তেওঁ মনে মনে ভাবিলে :— “এওঁ কোন? জল-কুৱঁৰী নে কি? এনে অতুল ৰূপ, এনে মনোহৰ গঠন মানুহত মই কেতিয়াও দেখা নাই, কোনোবা অপেচৰীয়ে কোনোবা ঋষিৰ ধ্যান ভাঙিবলৈ এনেকৈ সাজি পাৰি ওলাইছে বা? আহা! চকুৰ ভুৰ দুটি কেনে সুন্দৰ। তিলফুল যেন নাকৰ আগটি কেনে মনোহৰ! লাতুৰ মণি যেন ৰঙা ওঁঠ দুটি দেখিলে বোধ হয় যেন তাৰ পৰা মৌৰ টোপাল সৰিব লাগিছে! দীঘল ক’লা চুলিতাৰিয়ে পাচ ফাললৈ ওলমি পৰি বগা শৰীৰৰ কেনেকৈ জেউতি চৰাইছে! এনে সৌন্দৰ্য্য় যাৰ নিত্য উপভোগ্য, তেওঁ কেনে ভাগ্যবান! কেনে সুখী! কোন এওঁ? দেবী নে মানবী? তেওঁৰ পৰিচয়টো জানিব পৰা হলে!”