পৃষ্ঠা:ফুল.pdf/১৫০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪২
ফুল।

 পদ্মৰ কথা শুনি, সকলোৱে তেওঁৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ ধৰিলে। কিন্তু কথাখিনি শুনি, উন্মাদিনীৰ মুখৰ বৰণ কেবাবাৰো সলনি হ'ল। তাৰ পাচত, আটাই কেইজন কনকৰ ঘৰৰ ফাললৈ খোজ ল'লে।

 প্ৰায় সন্ধিয়া সময়ত, তেওঁলোক গৈ কনকৰ ঘৰ পালে। কনক তেতিয়া চ’ৰা ঘৰতে বহি আছিল আৰু ৰম্ভাই আগত তামোলৰ বটাটো লৈ তামোল কাটিছিল। দেবেন্দ্ৰহঁতক অহা দেখি কনক স্থিৰ-নয়নে সেই ফাললৈ চাবলৈ ধৰিলে। ফুলক দেখামাত্ৰেই তেওঁ “ফুল! ফুল!” বুলি লৰি গ'ল। “দেউতা!” বুলি লৰ মাৰি আহি ফুলেও তেওঁক সাবটি ধৰিলে। আনফালে, ৰম্ভাক দেখিয়েই উন্মাদিনীয়ে চিলা অহাদি আহি বুকত সুমুৱাই ল'লে। চাৰি জুৰি চকুৰ শীতল লোৰ সন্মিলনে বিতোপন শোভা ধৰিলে। দেবেন্দ্ৰ আৰু পদ্মই একে চকুৰে এই অনুপম দৃশ্য চাই থাকিবলৈ লাগিল।

⸻⸻