পৃষ্ঠা:ফুল.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ফুল ।
 

 মলমলাই থকা ফুলৰ গোন্ধ পাই ডেকাজনে ক'ৰ পৰা গোন্ধ আহিছে চাবলৈ লাগিল। নদীৰ কুলকুলনিত, মলয়াৰ বাত, ফুলৰ মনমোহা গোন্ধত তেওঁৰ মন-প্ৰাণ পমি যোৱা যেন লাগিল। তাতে ভাগৰুৱা পথিক, জুৰ পাই মনে মনে শান্তি অনুভৱ কৰিবলৈ ধৰিলে। এনেতে ওপৰত কোৱা ঘৰৰ পৰা কাষত কলহ এটা লৈ এজনী গাভৰু ওলাই আহি ফুলনিত সোমাল আৰু এটি ধুনীয়া গোলাপ ফুল ছিঙি নাকৰ ওচৰলৈ তুলি, গোন্ধ ল'লে। তাৰ পাচত, সেই নাহৰ জোপাৰ ওচৰলৈ গ'ল আৰু কলহটো কাষৰ পৰা নমাই অলপ বেলি বহি আম-কঠালবোৰ চাবলৈ ধৰিলে। আমবোৰ এতিয়া কলি অৱস্থাতে, কঠাল কোনোটো আঙুলী যেন, কোনোটো খামুচীয়া হৈছে। তেওঁ ভাবিছে, আৰু দিনদিয়েক গ'লে মাটি-মিঠা আমবোৰ খাবৰ হ’ব আৰু টেঙা আমবোৰ পিছত পিহি লোণ-জলকীয়া সানি খাবলৈ জুতি লাগিব। তাৰ পাচত, তাৰ পৰা উঠি কলহটো আকৌ দাঙি লৈ নৈৰ ফাললৈ খোজ ল’লে। নৈৰ পানী অতি নিৰ্মল,—আৰ্চ্চী যেন ফটফটীয়া। তেওঁ পাৰতে কলহটো থৈ, কঁকালত সোঁহাত খন দি পানীৰ ফাললৈ মুকৈ থিয় হৈ কিছুমান বেলি নৈলৈ চাই ৰ'ল। তাৰ পাচত, ধুনীয়া চাই গোটাচেৰেক শিল-গুটি বুটলি ৰিহাৰ আঁচলত বান্ধি ল'লে আৰু কলহটো লৈ পানীলৈ নামি গৈ ধেমালি কৰিবলৈ লাগিল।—তেওঁ কলহটো পানীৰ ওপৰত এৰি দিয়ে, সোঁতে বল দি, কিছুমান দুৰৈলৈ লৈ যায়। আকৌ ধৰি আনি পানীৰ ওপৰত থয়, আকৌ সোঁ‌তে