পৃষ্ঠা:ফুল.pdf/১৫৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪৫
ফুল।

 “কি! মোৰ ৰম্ভা আহিল!” বুলি উন্মাদিনীয়ে আকৌ ৰম্ভাক কোলাত সুমুৱাই ল'লে। অলপ পাচতে আকৌ ক'লে— “ক’তা মোৰ ৰম্ভা? তই ৰম্ভা নহৱ; সৌৱা মোৰ ৰম্ভা নতুন জেউতিৰে ওপৰত বহি আছে।” এই বুলি তেওঁ স্থিৰ দৃষ্টিৰে ওপৰলৈ চাবলৈ ধৰিলে।

 সেই ৰাতিটো এনেদৰেই অতিবাহিত হ’ল। ৰাতিপুৱা উন্মাদিনীৰ অৱস্থা আৰু শোচনীয় হৈ উঠিল। তেওঁ চিঞৰিবলৈ ধৰিলে “মান! মান! সৌৱা জাকে জাকে মান আহিছে, জাকে জাকে দস্যু আহিছে; পলা, পলা; বেগাই, বেগাই, পালেহি, পালেহি ”

 অলপ বেলি নিতাল মাৰি থাকি, খেল্‌ খেল্‌ কৰে হাঁহি আকৌ ক'বলৈ ধৰিলে,—“কেনে মজা! লোকৰ ওপৰত অত্যাচাৰ কৰাৰ কেনে প্ৰতিফল! বেছ্‌ বেছ্‌ কেনে পালি! আটাইখন মান কাটি খাস্তাং কৰিলে। এইদবেই তহঁতৰ পিৰি উঠিব। আহা! কোন শান্তিময়ী দেবীমূৰ্ত্তি সৌৱা স্বৰগৰ পৰা নামি আহি অসমৰ ৰাজসিংহাসনত বহিছে!”

 তাৰ পাচত বহুত বেলি অচেতন অৱস্থাতে পৰি থাকিল। সন্ধিয়া সময়ত অলপ চেতনা পোৱা যেন দেখি ৰম্ভাই মাতিলে— “আই।”

 উন্মাদিনী —কোন! যমদূত! মোক নিবলৈ আহিছ? কলৈ নিবি?

 আকৌ অচেতন হ’ল।