পৃষ্ঠা:ফুল.pdf/১৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২৮
ফুল।

 দেবেন্দ্ৰই পুনৰায় মাত লগালেঃ—“ফুল! নামাতা কিয়?”

 ফুলে কঁপা সুৰেৰে লাহে লাহে ক’লেঃ—“আপুনি সঁচাকৈয়ে মানুহ নে? নাইবা কোনোবা দেৱতা অভাগিনীক ছলনা কৰিবলৈ আহিছে?”

 দেবেন্দ্ৰ।—ই দেৱতাৰ মায়া নহয়, ভূতৰ কাণ্ডও নহয়, এদিন বাট হেৰুৱাই যি জন সৈনিক তোমালোকৰ ঘৰত আলহী ৰৈছিল, ময়েই সেই সৈনিক।

 ফুল।—আচৰিত কথা।

 দেবেন্দ্ৰ।—আচৰিত কিয়?

 ফুলে বিয়াঘৰীয়া মেলত কি শুনিছিল তাক হুবহু বৰ্ণনা কৰিলে। তাৰ পাচত কলে—যদি আপুনি সঁচাকৈয়ে আপুনিয়েই হয়, তেন্তে মই যে এই সময়ত ইয়াত আছোঁ, সেইটো আপুনি কেনেকৈ জানিলে। ”

 দেবেন্দ্ৰ।—মই জনাৰ কাৰণ আছে, সি বহুত কথা। মুঠতে মই ৰণৰ পৰা ঘূৰি আহি আকৌ তোমালোকৰ ঘৰত আলহী হবলৈ গৈছিলোঁ আৰু গৈয়েই তোমালোকৰ সকলো বাতৰি শুনিব লগাত পৰিলোঁ। তেতিয়াৰে পৰা আজি তিনি দিন একেৰাহে তোমাক বিচাৰি ফুৰিছোঁ, কিন্তু আজি সন্ধ্যা সময়লৈকে ক’তো একো শুনা নাছিলোঁ। সন্ধ্যা ভগাৰ পিচত এই গাৱঁত এজনী গৰাকী নোহোৱা ছোৱালীৰ বলেৰে বিয়া পাতিছে বুলি বাতৰি পালোঁ। বাতৰি পাই সেই ছোৱালী