পৃষ্ঠা:ফুল.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ফুল।

সেই জোনাকতে সকলো বহিল। দেবেন্দ্ৰই মান সেনাটোক সুধিলেঃ—“কচোন বাৰু তই কোন আৰু কিয় নিশা আহি আমাক আমনি কৰিছিলি?

 মানসেনা।—মই এটা মানসেনা আৰু মৰা দুটাও মোৰ লগৰীয়া।

 দেবেন্দ্ৰ।—মৰা দুটা তোৰ লগৰীয়া বুলি তই নোকোৱাকৈয়ে জানো। পিচে, কেলেই আহিছিলি, তাক ক।

 মানসেনা।—তহঁতৰ ৰজাটো পলাই গ'ল, আমি আৰু লুট-পাট কৰি ফুৰিছিলোঁ। আজি আহি তহঁতক দেখিলোঁ, বোলোঁ ভাল হ’ল, সেনাপতিক কৈ দিওঁ গৈ। পিচত মাটিয়ে গলে পলম হ'ব। সেই দেখি, তোৰ ঘোৰাটোকে লৈ যাব খুজিছিলোঁ। তই আৰু দেখিলি।

 দেবেন্দ্ৰ।—পিচে খালত পৰিলি কেনেকৈ?

 মানসেনা।—তই খেদি নিলি, আমিও লৰি গ'লো। পিচে তই আৰু দুটা মাৰিলি। লৰোঁতে মোৰো ভাগৰ লাগিল। বোলো যি কৰে কৰক, নপলাওঁ। তই আকৌ তৰোৱালখন দাঙ্গিলি, মোৰ ভয় লাগিল, আকৌ লৰ মাৰিলোঁ। খালটো আৰু ওচৰতে আছিল, হুৰুষ কৰে পৰিলোঁ।

 দেবেন্দ্ৰ।—পিচে, তোক এতিয়া কি শাস্তি দিব লাগে?

 মানসেনা।—তই আৰু যি কৰ। মই হলে এৰি দে বুলি ক'ম।

 এজন সেনা।—দেউতাও ভাল! কৰবাত নো চৰুক সুধি চাউল বহায় নে?