পৃষ্ঠা:ফুল.pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৬
ফুল।

 এনেতে হলি আহি পাওঁ পাওঁ হ'ল। ৰম্ভাৰ প্ৰহাৰত মূৰ্চ্ছিত হোৱাৰ পৰা অলপ পাচতে হলিয়ে সংজ্ঞা লাভ কৰিছিল, কিন্তু দুৱাৰ মৰা কাৰণে ওলাব নোৱাৰিলে! নিৰুপায় হৈ কটাখিনিত গামোচা বান্ধি ৰাতিটো চটফটাই বহি থাকিল। কলীয়াই দুৱাৰ মেলি দিলত হে ওলাই আহিব পাৰিছে।

 হলি আহি ওচৰ পালতে মদনে পলম হোৱাৰ কাৰণ সুধিলে। হলিয়ে আচল কথা লুকুৱাই ৰাখি নানা প্ৰকাৰ কথাৰ মৰণা-মাৰি শেহত ক'লেঃ—“ৰম্ভা পলাল "

 কেতিয়া পলাল, কেনেকৈ পলাল, একো নুসুধি আটাইখনে অবাইচ মাত মাতি হলিৰ পিঠিত ঔ পাৰিবলৈ ধৰিলে — জাঁউৰিয়ে জাঁউৰিয়ে তাৰ পিঠিত কিল-ভুকু পৰিবলৈ ধৰিলে। হলিয়ে ৰক্ষাৰ উপাৰ নেদেখি মৰাভাও জুৰি পৰিল; চকু ঢেল খালে। তাকে দেখি সকলোৱে তাক মৰাৰ পৰা বিৰত হল।

 অলপ পাচত মদনে সুধিলেঃ—“তই অকল পলাল বুলি কলেই নহব। সকলো কথা ভাঙিছিঙি ক'ব লাগে।”

 হলিয়ে আকৌ মাৰে বুলি ভয়ত মুখেৰে একো নামাতি পৰিয়েই থাকিল। গোটেইবিলাকে উটা-পুটাকৈ সোধেহে সোধে, হলিয়ে নামাতে। শেহত সিহঁতে আন একো উপায় নেদেখি, পানী একলহ আনি নাকে-কাণে ঢালি দিবলৈ দাঙি ল’লে; হলি জাঁপ মাৰি উঠিল। তাৰ কাণ্ড দেখি সকলোৱে গিৰ্ জনি মাৰি হাঁহিবলৈ ধৰিলে। তাৰ পাচত সি নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিবলৈ এটা গল্পৰ সৃষ্টি কৰিলে, কিন্তু