পৃষ্ঠা:ফুল.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫২
ফুল।


মদনে মেহেঙাৰ কাণে কাণে ক'লেঃ—বলা যাওঁ, এইবাৰ আন এটা উপায় হে বিচাৰিব লাগিব।” তাৰ পাচত দুয়ো উচাট মাৰি গুচি গ'ল।

 কনকে এই ঘটনাৰ একো মোৰ ধৰিব নোৱাৰি, মনে মনে ভাবিবলৈ ধৰিলে। ভাবনাৰ আদি-অন্ত নাই; অতীত আৰু ভবিষ্যতৰ বিবিধ ঘটনা তেওঁৰ চকুৰ আগত উদয় হল।

 লগুৱাটোৱে ক'লেঃ–“আপুনি চিন্তা নকৰিব। সেই কেইটাই আমাৰ কিটো কৰিব পাৰে? ক'ৰবাৰ ছালছিগা ভিকহু, ইয়াত ভাওনাৰ ভাও দিবলৈ আহিছিল। আপুনি সিহঁতৰ চকুকেইটালৈ মন কৰা নাই নে? সিহঁত চোৰ ”

 কনকেও মনে মনে ভাবিবলৈ ধৰিলেঃ –“ইহঁত ভাল মানুহ নে চোৰ?”