ৰমলিয়াব লাগিছে। মোৰ মনেৰে তাই কিবা বিপদৰ বাতৰি হে আমাক ৰিঙিয়াই কৈছেহি।
দেবেন্দ্ৰ।—কাউৰীয়ে কওক বা নকওক, আমাৰ নিমিত্তে বিপদৰ আকাল নাই। যেনি যাওঁ, তেনিয়েই বিপদ-বকাসুৰে ঠোঁট মেলি আছে; কিন্তু ওপৰত দুষ্ট দমন ভগৱন্তও আছে, তেওঁ তাৰ প্ৰতিকাৰ কৰিব।
তাৰ পাচত তেওঁলোক আকৌ আগ বাঢ়িবলৈ ধৰিলে। কিন্তু এখনমান তামোলখোৱা বেলি নৌ হওঁতেই সন্মুখত এটা মানুহ থিয় হ’লহি। দেবেন্দ্ৰই মানুহটোৰ গঢ়-গতিলৈ চাওঁতেই পাচ ফালৰ পৰা আন এটা মানুহ আহি তেওঁৰ ফান্দনিত ভলুকা বাঁহৰ টোকোনৰ এটা পূৰ্ণহতীয়া মাৰ শোধালে। দেবেন্দ্ৰ বাগৰ খাই পৰিল; ফুলে তেওঁৰ গাত সাবট মাৰি ধৰিলে। এই সুযোগতে, পৰুৱাৰ লালীৰ দৰে পিৰ পিৰ কৰে আৰু কেবাটাও মানুহ ওলাই আহি তেওঁৰ হাত ভৰি জপাই বান্ধি পেলালে। দেবেন্দ্ৰই একো বুজিব নোৱাৰি অবাক হল। দুটামানে দেবেন্দ্ৰক আৰু এটাই ফুলক লৈ হাবিৰ মাজে মাজে প্ৰস্থান কৰিলে।
এই মানুহ কেইটাৰ লগত পাঠকসকলৰ চিনাকি থাকিব পায়। কিয়নো, ইহঁতৰ লগত পাঠকৰ কেবাবাৰো দেখা হৈছে। মদনৰে সৈতে আমি যি দলৰ লগ পাইছিলোঁ, যি ৰম্ভা আৰু ফুলক ধৰি নিছিল, ইহঁত সেই দস্যুৰ দলেই। ৰম্ভা- ফুলহঁতক হেৰুৱাই সিহঁতে ইমান দিন আঁতি-গুৰি বিচাৰি