পৃষ্ঠা:ফুল.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
ফুল।

শুনিহে কৈছোঁ। আইদেউ! মোৰ কথা শুনা। এতিলো ন’ৰৈ এতিয়াই ইয়াৰ পৰা আঁতৰ হোৱাঁ। নহলে পাচে অনুতাপ কৰিব লাগিব।

 ফুল।—আপুনি কি অশুভ বাতৰি পাইছে, কওকচোন।

 “সোনকালে আঁতৰ হোৱাঁ, নহলে বিপদত পৰিবা” বুলি কৈ উন্মাদিনী তৎক্ষণাত উৰি যোৱা চৰাইৰ দৰে কেনিবা গুচি গ'ল।

 ফুলে সেইবোৰ কথাৰ একো মোৰ ধৰিব নোৱাৰিলে; ক’ৰবাৰ পাগলীয়ে কিবা বলকি গুচি গ'ল বুলি ভাবি মনে মনে থাকিল। এনেতে মানুহজনী আকৌ ঘূৰি আহি ক'বলৈ ধৰিলেঃ—“আইদেউ! তুমি এতিয়াও যোৱা নাই? মোৰ কথা অবিশ্বাস কৰিছা? মই সঁচাকৈয়ে কৈছোঁ, তোমাৰ বিপদ অতি ওচৰত। সৌৱা নৈ লৈ চোৱাঁচোন।”

 বাস্তৱতে, নৈৰ শতসহস্ৰ ঢৌৰ বাধাবিঘিনি অতিক্ৰম কৰি এখন নাও ফুলে পানী অনা ঘাটতে লাগিলহি। দেখিয়েই পাগলীৰ কথা সঁচা বুলি ফুলে ঘৰৰ ফাললৈ লৰ মাৰিলে। কিন্তু হায়! কেউফলে বিপদ! তেওঁ চাৰি খোজমান যাওঁতেই এটা মানুহ গছৰ পৰা জাপ মাৰি পৰি আগ ভেটি ধৰিলে। “নৰাধম, সাৱধান। তই সতীৰ দেহ স্পৰ্শ নকৰিবি।” এই বুলিয়েই পাগলীয়ে কাপোৰৰ তলত লুকুৱাই থোৱা কটাৰী এখন উলিয়াই ফুলৰ আক্ৰমণকাৰীটোৰ বুকত বহুৱাই দিলে আৰু নিমিষৰ ভিতৰতে অদৃশ্য হ’ল। ফুলে বিচুৰ্ত্তি হৈ আকৌ লৰ মাৰিব খোজোঁতেই আৰু এটা মানুহ গছৰ পৰা জাঁপ মাৰি পৰি তেওঁক গবা মাৰি ধৰিলে।