পৃষ্ঠা:ফুল.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
ফুল।

 উন্মাদিনী —সিহঁতে ইয়ালৈ অহাৰ আগেয়ে দুজন নিৰ্দ্দোষী মানুহক বন্দী কৰি থৈ আহিছে। এতিয়া তেওঁলোকক মুকলি কৰি দিবৰ দিহা কৰিব লাগে।

 পদ্মকান্তৰ মনত কিবা এটা অতীত ঘটনাই বিজুলী মৰা দি মাৰিলে। তেওঁ বিনাবাক্য-ব্যয়ে তিৰুতাজনীৰ পাচ ল'লে।

⸻⸻

একবিংশ অধ্যায়।

⸻:০:⸻

মিলন।

 পদ্মকান্ত আৰু উন্মাদিনী পোনেই ফুলক বন্দী কৰি খোৱা ঘৰটোৰ ওচৰত ওলাল! তাকে দেখি ৰখীয়াটোৱে আগ ভেটি ধৰিলে আৰু তেওঁলোকক তালৈ যাবলৈ মানা কৰিলে। পদ্মকান্ত তাৰ হাক নামানি দুৱাৰ মেলিবলৈ আগ বাঢ়িল, ৰখীয়াটোৱে তাকে দেখি পদ্মলৈ টোঁৱাই মাৰ মাৰিলে; পদ্মই টোকোনডাল থাপ মাৰি ধৰিলে আৰু দুয়োৰে আজোৰ-পিজোৰ লাগিল। টোকোনডাল কাৰো হাতৰ পৰা এৰুৱাৰ নোৱাৰি দুয়ো শেহত হতাহতি লগাই দিলে আৰু তাৰ ফলত মাটিত বাগৰি পৰিল।