পৃষ্ঠা:ফুল.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ফুল

মাথোন। এই সুযোগতে ৰম্ভা বাহিৰলৈ ওলাল, দুৱাৰখন বাহিৰৰ পৰা ভালকৈ বান্ধিলে, তাৰ পাচত লৰিবলৈ ধৰিলে। অলপো নোৰোৱাকৈ লৰিয়েই আছে, লৰোঁতে লৰোঁতে ভৰিৰ বিষত তৰণি নোহোৱা হৈছে, হুল-জোঙত লাগি গাৰ কাপোৰ কানি চিৰাচিৰ হৈছে,—গাৰ পৰা ধাৰাসাৰে তেজৰ সোঁত বৈছে। তথাপি জিৰণি লোৱা নাই, অবিশ্ৰাম লৰিবই লাগিছে, কিন্তু হাবিৰ ওৰ নপৰে, যেন তেওঁ লৰিছে মানে হাবিখনো লৰি গৈছে, বহল হৈ গৈছে। ৰম্ভাই মনত ভাবিছেঃ— খাই যদি বাঘ-ঘোঙেই খাওক, কিয়নো নৰ-বাঘৰ হাতত মৰাতকৈ বনৰ বাঘৰ হাতত মৰা শতগুণে শ্ৰেয়ঃ।

 বহুত বেলি এইদৰে লৰি লৰি ৰম্ভাৰ একেবাৰেই শক্তি লোপ পালে, আৰু লৰিব নোৱৰাত পৰিল। তেওঁ একেবাৰেই ক্লান্ত হৈ এজোপা গছৰ তলত বহি পৰিল; তাতে ৰাতিটো কটাবলৈ মনে মনে ঠিক কৰিল; কিন্তু মনত বন্য জন্তুৰ ভয় উদয় হ’ল। ইমান বেলি হতাশাৰ চেঁপাত বন্য জন্তুৰ হাতত মৰা সুখৰ মৰণ বুলি ভাবিছিল; কিন্তু এতিয়া নতুন আশাৰ ঢিমিকঢামাক পোহৰত সেয়ে ভয়ৰ কাৰণ ৰূপে জিলিকি পৰিল। গছ ডাল গুৰিৰে পৰা ঠাল-ঠেৰেঙণিৰে ভৰা আছিল, ৰম্ভাই চুচৰি-বাগৰি গছডালৰ ওপৰলৈ উঠিল আৰু কেনেবাকৈ সৰি পৰে বুলি ৰিহাৰ আচলেৰে সৈতে গছৰ গাত বান্ধ দি থলে।

 অলপমান বেলি এই অৱস্থাতে থকাৰ পাচত এহাল ঢেকীয়া- পতীয়া বাঘ-বাঘিনী আহি সেই গছ জোপাৰ তল পালে। ভয়ত