পৃষ্ঠা:ফুল.pdf/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮২
ফুল।

বুলি ৰম্ভাৰ হাতত থাপ মাৰি ধৰিলে। ৰম্ভা বিমোৰ হৈ ৰ'ল। পদ্মই ৰম্ভাৰ হাতত ধৰা অৱস্থাতে থাকি ক'বলৈ ধৰিলেঃ— “ছি! ৰম্ভা! তোমাৰ অন্তঃকৰণ ইমান দুৰ্ব্বল নে? তুমি আত্মহত্যা কৰিব খোজা?”

 ৰম্ভা।—নিৰাশ্ৰয়া অবলাৰ অন্তঃকৰণ সঁচাকৈয়ে দুৰ্ব্বল। কিন্তু মই যে এই কেইদিন ধৈৰ্য্য ধৰি আছিলোঁ, সেই বাবেই মই মোৰ অন্তঃকৰণ বলী বুলিহে ভাবিছোঁ। এতিয়া আপুনি মোক পলাবলৈ কৈছে, কিন্তু অকলৈ কলৈ যাম?

 পদ্ম।—তোমাক নো এতিয়া ক'ৰ লগৰীয়া দিম? যদি সন্দেহ নকৰা, তেন্তে ময়ে তোমাৰ সহায় স্বৰূপে লগত যাব পাৰোঁ।

 ৰম্ভাই মনে মনে ভাবিলে,—“সেয়ে হোক। কিয়নো, কটাৰীখন হাতত থাকোতে কোনেও একো অত্যাচাৰ কৰিবৰ সাধ্য নাই। কিবা বিপদৰ আশঙ্কা হলে আপোনঘাতী হ'ম।” ফুটাই ক'লেঃ—“আপোনাৰ ওপৰত সন্দেহ কৰিবলৈ একো কাৰণ নাই।”

 “বাৰু তেনেহলে মই তোমাৰ লগৰীয়া হলোঁ,” এই বুলি পদ্ম ভিতৰলৈ সোমাই গ'ল। অলপ পাচতে এটি টোপোলা আৰু এখন দাৰে সৈতে ওলাই আহিল; ৰম্ভাও যাবলৈ সাজু হ'ল। তেতিয়া দুয়ো কোবাকুবিকৈ পূব-মুৱাহৈ যাবলৈ ধৰিলে।

 কিছুমান বাট যোৱাৰ পাচত থমকা খাই ৰৈ ৰম্ভাই