সভা ভঙ্গ কৰিলে। তেতিয়া সকলোৱে অনন্ত নীলাকাশেৰে চোৱা, সেই প্ৰাকৃতিক অট্টালিকাৰ তলত, সুবিস্তৃত ভূমিশয্যাত পৰি, চাৰিওফালৰ সৌন্দৰ্য্যত মিহলি হৈ থকা ঈশ্বৰৰ অনন্ত কীৰ্ত্তিৰ জেউতি নিৰীক্ষণ কৰি লাহে লাহে দুখ-সন্তাপ-হাৰিণী, জগজ্জননী নিদ্ৰাদেবীৰ কোমল কোলাত মূৰ থৈ শান্তি লাভ কৰিলে।
—————
সপ্তম অধ্যায়।
⸺:0:⸺
ভাল মানুহ নে চোৰ।
বেলি লাহে লাহে পৰি আহিছে। দুপৰীয়া ভৰ পক উঠা গৰম এতিয়া ৰহীয়া পৰিছে, খাই- বৈ উঠি সকলো প্ৰাণীয়ে জিৰণি লৈছে।—গৰুৱে গছৰ ছাঁত শুই ঘাঁহ পাগুলিছে, ম'হে ঘুলিত পৰি বোকাৰে লেটি লৈছে, চৰাই-চিৰিকতিয়ে হাবিৰ মাজত সোমাই নিমাত হৈ বহিছে, মানুহে পাটীত পৰি বিচনীৰে বিচি জুৰ বিচাৰিছে; কোনোৱে পুথি একোখন মেলি লৈ তাকে পঢ়ি গৰমলৈ পাহৰিছে; মাথোন বোৱাৰীয়ে চোতালৰ ধান হাতত দি তাপত তৰণি নাপাই বেলিক পাৰে মানে শাও দিছে আৰু তাপৰ খং বাৰ্হনিৰ ওপৰত সাৰিছে। মুঠতে প্ৰকৃতিয়ে সম্পূৰ্ণৰূপে