পৃষ্ঠা:ফুল.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ফুল।

সেই পোহৰত স্পষ্টকৈ ওলাই পৰিল যে ভিতৰত এখন খাট পৰা। সেই খাটত বহি, গাৰু এটাত সোঁ হাতৰ কিলাকুটি আৰু গালত তলুৱাখন দি এজনী সুন্দৰী যুৱতী বহি আছে; প্ৰস্ফুটিত গোলাপৰ পাহিৰ ওপৰত নিশাৰ নিয়ৰ পৰিলে জোনৰ পোহৰত তাৰ সৌন্দৰ্য্য বঢ়াৰ দৰে, তেওঁৰ হৰিণী-নয়ন দুটিৰ পৰা ওলোৱা চকুৰ পানীৰ টোপালবিলাকে গোলাপী গালৰ ওপৰত মুকুতাৰ দৰে শোভা ধৰি, সেই চাকিৰ পোহৰত তেওঁৰ ধুনীয়া দেহাৰ জেউতি দুগুণকৈ চৰাইছে। চাকি লগোৱাৰ পাচত হলিয়ে খোৱা বস্তুখিনি ৰম্ভাৰ ওচৰলৈ চপাই দি ক'লেঃ “ৰম্ভা! তুমি একো খোৱা নাই। সৌৱা দেখোন তোমাক খাবলৈ ৰাতি- পুৱা দিয়া সমলো তেনেই পৰি আছে?”

 ৰম্ভাই তাৰ ফাললৈ চকু ঘূৰায়ো নাচালে; আগেয়ে যি দৰে আছিল সেই দৰেই অচল-অটল হৈ থাকিল; যেন তেওঁ বাহ্যজ্ঞান-ৰহিতা। ৰম্ভাৰ গাত সাৰ-সঁহাৰি নোহোৱা যেন দেখি হলিয়ে খাটৰ কাষলৈ চাপি গৈ তেওঁৰ গালৈ হাত মেলিলে। তাৰ এই দুষ্কাৰ্য্য দেখি ৰম্ভাই টোপনিৰ পৰা উঠা সিংহীৰ দৰে চকু মেলি, ডিঙি বেঁকাকৈ হলিলৈ চাই, ৰণোন্মত্ত বীৰৰ দৰে, অবিচলিত ভাবে ক’বলৈ ধৰিলেঃ—“নৰাধম! তোৰ পপীয়া হাতেৰে মোৰ দেহা স্পৰ্শ কৰিব খোজ?”

 হলি।—তুমি সিমান গপ নকৰিবা। ইয়াতো নো তোমাৰ কোন আছে?

 ৰম্ভা।—নৰকৰ কীট। তোৰ পাপ-চকুত জেউতি নাই।