পৃষ্ঠা:ফুল.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ফুল।

অত্যাচাৰ কৰি দেশ ছাৰ-খাৰ কৰিবলৈ লাগিল। স্বৰ্গদেৱে লাজ আৰু অপমানত মৰণান্তিক হৈ কিছুমান বাৰে বৰণীয়া সৈন্য গোটাই লৈ মানৰ বিৰুদ্ধে চোঁচা ল'লে আৰু দুই এটা সৰু-সুৰা মান-সেনাৰ দল পৰাস্ত কৰি উজাই আহিবলৈ ধৰিলে। তাকে দেখি, দুই এজন সাহিয়াল বীৰ পুৰুষে স্বৰ্গদেৱক সাহায্য কৰিবলৈ আগ বাঢ়িল। আমি নৈৰ দাঁতিত লগ পোৱা ডেকাজনো তাৰে এজন। স্বৰ্গদেৱ উজাই অহাৰ খবৰ পাই তেওঁ কিছুমান সৈন্য গোটাই লৈ তেওঁৰ লগ লবলৈ ওলাইছে। তেওঁ সৈন্যবোৰক তেওঁৰ সহকাৰী এজনৰ লগত আগেয়ে পঠিয়াই দি ভৰলী-ঘাটত ৰ'বলৈ কৈছিল। কিন্তু নিজে বাট ভুল কবি, নিৰ্দিষ্ট ঘাটলৈ নগৈ এইটো ঘাটত ওলাইছেহি আৰু নিজৰ ভুল বুজিব নোৱাৰি, কোনোবা ঘূৰণ বাটে আহোঁতে সৈন্যবিলাকৰহে পলম হৈছে বুলি ভাবি, বাট চাই বহি আছে।

——————