গাভৰুৱে মুৰ দুপিয়াই ক'লে –“ওঁ।”
ডেকা।— ঘৰ কিমান দূৰৈত?
গাভৰুৱে ওচৰৰ বাৰীখন আঙুলীয়াই দেখুৱালে।
ডেকা।—বেলি পৰিবৰ হল; তুমি তেন্তে এতিয়া লাহে লাহে যোঁৱা।
গাভৰু যাবলৈ ওলাল; এবাৰ শৰীৰ আৰু মনৰ সকলো- খিনি শক্তি প্ৰয়োগ কৰি মূৰটো দাঙিলে আৰু যুবকৰ প্ৰতি দৃষ্টিপাত কৰিলে। ইমান বেলি যুবকে যিবোৰ প্ৰশ্ন কৰিছিল, তাৰ সকলো উত্তৰ যেন এই দৃষ্টিত মিহলি হৈ আছিল। কিন্তু সেই দৃষ্টি দীঘলীয়া নহয়, পিচ মুহুৰ্ত্ততে আকৌ মূৰ দোঁ খাই আহিল। ডেকাই কলে—“যোৱাঁ, ঈশ্বৰে তোমাৰ মঙ্গল কৰক।”
গাভৰুৱে এই বাৰ প্ৰথম কথা ক'লেঃ—“আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিছে, মই আজীৱন আপোনাৰ ওচৰত ধৰুৱা হৈ থাকিম।”
ডেকা।—মই মাথোন মোৰ কৰ্ত্তব্য কৰিছোঁ। তোমাৰ প্ৰাণ ৰক্ষা কৰাত মোৰ কোনো হাত নাই, সি ঈশ্বৰৰ কৰুণা মাথোন।
গাভৰু।—তথাপি আপুনি ঈশ্বৰৰ হাতৰ অস্ত্ৰ স্বৰূপে কাম কৰিছে।
ডেকা।—গতিকে, প্ৰশংসাৰ ভাগো ঈশ্বৰে পাব। অস্ত্ৰই শলাগ পাব নোৱাৰে।