পৃষ্ঠা:ফুল.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
ফুল।

দেবেন্দ্ৰৰ ঘৰৰ ওচৰত যিটো ৰখীয়া আছিল, এই ঘটনা দেখি সিও তাৰ লগৰীয়াক সাহায্য কৰিবলৈ লৰি আহিল। তাক অহা দেখিয়েই উন্মাদিনীও অদৃশ্য হ'ল।

 পদ্মকান্ত এতিয়া অকলশৰীয়া, দুটা প্ৰায় সমান বলী মানুহৰ লগত তেওঁ যুঁজে কেনেকৈ? প্ৰথমটো ৰখীয়াক তেওঁ এক প্ৰকাৰ বশলৈ আনিছিল আৰু তলত পেলাই ভালকৈয়ে গোটাচেৰেক ভুকুও দিছিল, এনেতে দ্বিতীয়টো আহি পোৱা দেখি তেওঁ হতাশ হৈ পৰিল। পদ্মকান্তক ওপৰত দেখি দ্বিতীয় ৰখীয়াই পোনেই এটা মাৰ মাৰিলে, আসন্ন বিপদ দেখি পদ্মকান্তই বাগৰ মাৰি নিজে তলত পৰি ৰখীয়াটোক ওপৰলৈ তুলি দিলে, মাৰ ৰখীয়াটোৰ গাত পৰিল। তাকে দেখি দ্বিতীয় ৰখীয়ায়ো টোকোন এৰি হাতেৰে লাগিল। কিছু সময় দুয়োৰে লগত যুদ্ধ কৰাৰ পিচত পদ্মকান্ত অৱশ হৈ পৰিল, ৰখীয়া দুটাই তেওঁক বান্ধি থবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এনেতে দেবেন্দ্ৰৰে সৈতে উন্মাদিনী আহি উপস্থিত হ'ল। দেবেন্দ্ৰক অহা দেখি এটা ৰখীয়াই পদ্মক এৰি তেওঁৰ গালৈ চোঁচা ল'লে। দেবেন্দ্ৰই একে জাঁপেই তাক ধৰি লৈ মোহাৰি পেলালে। তাৰ অৱস্থা দেখি ইটো ৰখীয়াই ভিৰাই ধৰি লৰ মাৰিলে। ইয়াৰ ভিতৰতে উন্মাদিনীয়ে ফুলক উলিয়াই আনিলে। দেবেন্দ্ৰই ইটো ৰখীয়াকো এৰি দিলে। দেবেন্দ্ৰই পদ্মৰ পৰিচয় পালে। আৰু মদনহঁতৰ নাও বুৰা কথাও শুনিলে। দেবেন্দ্ৰ আৰু ফুলে পদ্মকান্ত আৰু উন্মাদিনীক