পলাল। কেনি গ'ল কি হ'ল, সি তাৰ একোকে ক'ব নোৱাৰে। আন কি, ৰাতি-পুৱাও কলীয়াই হে তাক উলিয়াই আনিছে গৈ।
বুঢ়া।–পাচে, তোমালোকে বিচাৰ কৰিছিলা জানো?
মদন –বিচাৰ কৰিছিলা বুলি আকৌ সুধিছা হে নে? সেই পুৱাৰ পৰা এতিয়ালৈকে বিচাৰি হায়ৰাণ হ'লোঁ, তেও খোজৰ চিন এটাও দেখা নাপালোঁ। সেই দেখিহে এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ। এতিয়া কি কৰিম. এটা বুধি উলিওৱাঁ। তুমিয়েই হে আমাৰ বুধিৰ থুনুপাক।
বুঢ়া। বাৰু সেইটো ভাৰ মই ললোঁ; তোমালোকে ধুম্খুলি বাই মৰিব নালাগে।
মদন।—কিবা সম্ভেদ পাইছা নে কি?
বুঢ়া — তোমাক বাৰু সেইবোৰ কথা নালাগে; তুমি আন কামলৈকে যোৱাঁ, সেই কামৰ ভাৰ মোৰ ওপৰত থাকিল। কিন্তু হলিয়ে মিছা কথা কৈছে, তাৰ কথা আন এটা হে; সি বিশ্বাস-ঘাতকী
মদন।— কি কথা?
বুঢ়া।—এতিয়া মোৰ গা বৰ বেয়া লাগিছে। এতিয়া সেইবোৰ কথা যাবলৈ দিয়া, পাচে পৰেও ক’ম।
তেতিয়া মদনে ফুলেশ্বৰী সম্পৰ্কীয় কথা-বতৰা আৰু এতিয়া কি কৰিবলৈ পাঙিছে, সকলো ভাঙি-ছিঙি ক'লে।
বুঢ়াই ক'লেঃ—“বাৰু, যি ভাল পোৱা কৰি থকা, কিন্তু গা চাই ফুৰিবা।”