চতুৰ্থ অধ্যায়।
⸺:0:⸺
ফুলেশ্বৰী।
গাভৰু যদিও ঘৰলৈ গ'ল, তথাপি তেওঁ নৈলৈ আহোঁতে যেনে ভাৱে আহিছিল, তেনে ভাৱেই ঘৰলৈ উলটি যাব নোৱাৰিলে। নৈলৈ যাওঁতে তেওঁৰ বদন প্ৰফুল্ল আৰু ওঁঠত চিৰলগৰীয়া মিচিকিয়া হাঁহিয়ে খেলা কৰি আছিল। কিন্তু এতিয়া তেওঁৰ মুখত চিন্তাৰ কলীয়া ৰেখা জিলিকি পৰিছে। তেওঁৰ যেন কিবা এবিধ অলঙ্কাৰ কোনোবাই চুৰ কৰিলে! চুৰ নো কোনে কৰিব? তেওঁ তো কোনো চোৰৰ লগ পোৱা নাই; মুঠেই, সেই অপৰিচিত ডেকাৰ লগত দেখা হৈছিল। তেওঁ জানো চোৰ? নিশ্চয় চোৰ। তেওঁ আন বস্তু চুৰ কৰোক নকৰোক, মানুহৰ মন চুৰ কৰে। নহলে ইমান সোনকালে গাভৰুৰ মুখৰ হাঁহি, মনৰ প্ৰফুল্লতা, আঁতৰ নহল- হেঁতেন। ক্ষন্তেকৰ আগেয়ে হাঁহি-মাতি আনন্দত ওপঙি ফুৰা গাভৰু ইমান সোনকালে যোগিনীৰ দৰে গভীৰ ধ্যানত মগ্ন নহলহেঁতেন। তেওঁ ভাবি চিন্তি চাই দেখিলে যে তেওঁৰ হৃদয় মন্দিৰৰ মাজত অজ্ঞাতসাৰে কোনোৱা দেৱমূৰ্ত্তি প্ৰতিষ্ঠিত হ’ল। তেওঁ সেই মূৰ্ত্তি আঁতৰাবলৈ যিমান চেষ্টা কৰে, সিমান বেছিকৈ লিপিত খাই হে ধৰে।