পৃষ্ঠা:ফুল.pdf/১৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩১
ফুল।

পৰ্ব্বত-ভৈয়াম, তাৰ মাজত নতুন তেজৰ, নতুন যৌৱনৰ নতুন সৌন্দৰ্য্যৰ, আৰু নতুত প্ৰণয়ত তল যোৱা এই হালি নতুন প্ৰেমিক-প্ৰেমিকা। অহা! কি সুন্দৰ চিত্ৰ! কি চিত্ৰকৰৰ আৰ্হি-পট। স্বভাৱৰ কি বিতোপন দৃশ্য! বাস্তৱতে, এই দৃশ্য সুন্দৰ—অতি সুন্দৰ; জগতৰ নিভাজ সৌন্দৰ্য্যৰ সমষ্টি। সৃষ্টিকৰ্ত্তাৰ এই সুনিপুণ কৌশল দেখি কাৰ হিয়া নপমে? উভয়ৰে মন নতুন আনন্দৰ ঢৌত তোলপাৰ! পৰ্ব্বতজীয়াৰী নৈৰ তিৰবিৰকৈ নাচি অহা নিৰ্ম্মল চেঁচা পানীৰ দৰে হিয়াৰ তলিৰ পৰা ওলোৱা প্ৰণয়-সুঁতিৰ চেঁচা পানীয়ে দুয়োৰো হিয়াৰ জিভা মেলি উঠা বিৰহ-জুই নিৰ্ব্বাণ কৰিছে। ইমান দিন চকু-লোৰে তিতিবুৰি ঘোপত সোমোৱা চাৰি চকুত হাঁহিৰ জিলিকনি পৰিছে; চল পাই ওঁঠৰ মাজত মিচিকিয়া হাঁহিয়ে নাচোন-বাগোন ধৰিছে।

 আনন্দৰ ঢৌত উটি-ভাহি দুয়ো আগলৈ খোজ দি দীঘলীয়া বাট ছুটি কৰি নিছে। গছৰ ডালত পৰি কাউৰী এজনীয়ে “কা, কা” কৈ কিবা বাতৰি দিছে। কাউৰীৰ মাত শুনি ফুলৰ ভয় লাগিল, মুখত অলপ বিষাদৰ ছাঁ পৰিল, খোজৰ গতিতো অলপ ব্যাঘাত জন্মিল। দেবেন্দ্ৰই সুধিলে,—ফুল! কি হ’ল?”

 ফুল।—একো হোৱা নাই। কিন্তু মোৰ মনেৰে সোনকালে কিবা এটা বিপদ হ’ব। চাওকচোন কাউৰীজনীয়ে কেনেকৈ