এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
ফুল।
সেনাৰ মাজত অকল-শৰীয়া বীৰে কি কৰিব। বিপক্ষৰ ঘাত-
প্ৰতিঘাতত তেওঁৰ একমাত্ৰ সহায় হাতৰ তৰোৱাল খনিও
খণ্ডবিখণ্ড হ’ল। তেওঁ নিৰস্ত্ৰ ভাৱে মৃত্যুক আকোঁৱালি ধৰিবলৈ
সাজু হ'ল। লাহে লাহে ক'লেঃ—ফুল! বিদায়! আকৌ
দেখা কৰা মোৰ ভাগ্যত নঘটিল ,” তাৰ পাচত, মানৰ দ্বাৰা
আহত হৈ বাগৰি পৰিল। অসমীয়া সৈন্যই সেই মহা যোদ্ধা
বীৰ পুৰুষৰ দেহা ৰণ-থলীত এৰি, অগত্যা নিজ প্ৰাণ লৈ
পলাবলৈ বাধ্য হ’ল।
পাঠক! আপুনি চিনি পালে নে এওঁ কোন? এওঁ সকলোৰে চিনাকি দেবেন্দ্ৰনাথ। এওঁ লৰা-লৰিকৈ আহিছিল যদিও স্বৰ্গদেৱৰ লগ নৌ পাওঁতেই ৰণ হৈ উঠিল। সেই কাৰণেহে ৰণৰ সামৰণিত আহি এনে দুৰ্ভাগ্যৰ শৰণ লব লগাত পৰিল।
⸻⸻