পৃষ্ঠা:ফুল.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
ফুল।

সাহটো আমাৰ বস্তু লৈ সি পলাব খোজে। এতিয়া আৰু সি সাৰিব ক'লৈ? পুৱালৈ তাৰ গঢ় লগাব লাগিব।

 এনেতে ভোলা ক'ৰবাৰ পৰা আহি কলেঃ—“আজি বৰ সুখৰ বাতৰি আনিছোঁ।

 কলি।—কি বাতৰি?

 ভোলা।—ৰম্ভাৰ খবৰ পাই আঁহিছোঁ।

 কলি।—সঁচা নে? বেছ্‌ হৈছে তেন্তে। আমিও ইজনী পালোঁ নহয়।

 তেতিয়া সিহঁতৰ বগা-ক'লা ওঁঠত হাঁহিয়ে নৃত্য কৰি উঠিল।

 কিছু বেলি এইদৰে আনন্দৰ পুখুৰীত বুৰিয়াই সকলো নিজম হ’লত, মদনে ক'লে,—আজি ৰখীয়া দুটাৰ বাহিৰে সকলো শোৱাঁগৈ। কালিলৈ পুৱাতে যাব লাগে; যেনে তেনে ৰম্ভাক কালিলৈ আনিব লাগিব। তাৰ পাচে হে বন্দীৰ যি হয় ব্যৱস্থা কৰিম।

 সকলোৱে তাতে হয় দিলে; সভা ভঙ্গ কৰি, দুটা ৰখীয়াৰ বাদে সকলো শুলে গৈ।

⸻⸻