পৃষ্ঠা:ফুল.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ফুল।

ৰম্ভাৰ গা কঁপি উঠিল। উঃ, ঈশ্বৰৰ অপূৰ্ব্ব লীলা! তেওঁ যদি চুচৰি–বাগৰি গছৰ ওপৰলৈ নুঠিলহেঁতেন তেন্তে এতে বেলি সেই বাঘ-বাঘিনীয়ে তেওঁৰ মঙহ শত খণ্ডত বিভক্ত কৰিলেহেঁতেন। কোন দেৱতাই নো তেওঁক ওপৰলৈ উঠিবলৈ বুধিটো দিলে! ৰম্ভাই একেবাৰেই নিতাল মাৰি, আন কি কাঁহ-হাঁচি এটাও নমৰাকৈ, ঈশ্বৰক চিন্তি গোটেই নিশাটো বনৰজাৰ শাসনৰ তলত থকা সেই ভীষণ অৰণ্যৰ মাজত গছৰ ওপৰতে বহি কটালে। তেওঁৰ ভয়—মানুহ থকাৰ গম পালে জানোচা ৰাতি–পুৱাও বাঘ আঁতৰ নহয়।

 লাহে লাহে উষাৰ সূৰুযৰ জিলিঙনি আহি ৰাতিৰ আন্ধাৰৰ লগত ভীষণ যুদ্ধ আৰম্ভ কৰিলে। আন্ধাৰে যুঁজত হাৰি পলাই পত্ৰং দিলে; বেলিৰ কিৰণে গছৰ আগবিলাক সোণোৱালী ৰহণেৰে সজালে। বাঘ-বাঘিনীয়ে ৰম্ভাৰ গম পাইছিল নে নাই ক'ব নোৱাৰোঁ, কিন্তু বেলি ওলাওঁতেই দুয়ো কঁকাল হেকেৰা-হেকেৰিকৈ পূবফাললৈ খোজ ল'লে। ৰম্ভাই একে থৰে চাই থাকি, যেতিয়া দেখিলে বাঘ-বাঘিনী চকুৰ বহিৰ্ভূত হ'ল, তেতিয়া লাহে লাহে গছৰ পৰা নামি আকৌ লৰিবলৈ ধৰিলে। কিছুমান বেলি একেৰাহে লৰাৰ পাচত তেওঁ এডোখৰ মুকলি পথাৰ ওলাল গৈ আৰু ভাগৰত ক্লান্ত হৈ এটা আলিৰ মূৰতে বহিল।

 হালোৱাবিলাকে তেতিয়া গৰু-ম'হ লৈ পথাৰৰ ফাললৈ বাট লৈছিল, দুই-এজনে আকৌ হাল জুৰিছিলহিয়েই। ৰম্ভা