পৃষ্ঠা:ফুল.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
ফুল।

তিৰুতাবিলাকে পানী তুলি, ধৰি মেলি নি তেওঁক গাৰ বলেৰে নোৱালে।

 আজি ফুলৰ বিলাই চাই কোনে? পাগলীৰ কথা আজি তেওঁৰ মনত পৰিল,-“পৃথিবীত ধাৰ্ম্মিকৰ সুখ নাই, ইয়াত অধৰ্ম্মৰ ৰাজত্ব।” সঁচাকৈয়ে পৃথিবীত অধৰ্ম্মৰ ৰাজত্ব নে কি? ফুলে বহুতো ভাবিলে, ভাবি চিন্তি একোবাৰ আত্মহত্যা কৰিবলৈকো মন মেলিছিল। কিন্তু কোনোবাই যেন তেওঁৰ কাণে কাণে কৈ দিলেঃ—“ধৈৰ্য নেহেৰুৱাবা, খন্তেকৰ ভোজ খাওঁতা নাই, শেহলৈকে অপেক্ষা কৰা, কোনো দৈবিক উপায়েৰে হয়তো ইয়াৰ ভিতৰতে তোমাৰ উদ্ধাৰ হব পাৰে।”

 ফুলে ধৈৰ্য্য ধৰিলে, পাৰিলে ইয়াৰ ভিতৰতে পলাবলৈ স্থিৰ কৰিলে; কিন্তু বলোৰামে দিনে ৰাতিয়ে সমানে চকু ৰখাৰ বাবে সি কাৰ্য্যত পৰিণত হৈ নুঠিল। তেওঁ বলোৰামৰ ভৰিত পৰি নানা প্ৰকাৰে কাকূতি কৰিলে, বিয়াৰ আগেয়ে মৰিয়াই মাৰিবলৈ প্ৰাৰ্থনা কৰিলে, কিন্তু ফল একো নহ'ল—বলোৰামক একোৱে বিচলিত কৰিব নোৱাৰিলে।

 আজি বিয়া। আন সময়ত হোৱা হ'লে দুয়ো ঘৰত তোল- পাৰ লাগিলহেঁতেন, বুঢ়া-ডেকা, জীয়াৰী-বোৱাৰী সকলোৰে মুখত আনন্দৰ হাঁহি দেখা গলহেঁতেন, চেঙ্গেলীয়া ডেকা আৰু গাভৰু সকল হাঁহি-মাতি নাচি-বাগি দহ ডোখৰ হৈ ফুৰিলেহেঁতেন, ধুলীয়া, খুলীয়া, কালীয়া, নামতী আদিৰ গীত-বাদ্যৰ ধ্বনিয়ে