পৃষ্ঠা:ফুল.pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৫
ফুল।


 গাভৰুৱে কিবা এটা ক'ব খুজিছিল, এনেতে ফুলনিত এটা শব্দ উঠিল গাভৰুৱে দেখিলে যে তেওঁলোকৰ বুঢ়া লগুৱাটোৱে কিবা ডাল এটা কাটিছে। “এজন ডেকাৰ লগত এইদৰে কথা পাতি থকা দেখিলে তেওঁ কি বুলিব” ইয়াকে ভাবি তেওঁ যুবকৰ ওচৰত কৰযোৰে বিদায় লৈ যাবলৈ ওলাল আৰু সতৃষ্ণ দৃষ্টিৰে এবাৰ যুবকলৈ চাই ক'লে,-“আপুনি অকলশৰীয়া, সন্ধিয়াও লাগি আহিল; যদি অলপ কষ্ট কৰি, দুখীয়াৰ ভগা বহাত ৰাতিটোৰ⸺”

 হঠাৎ কিবা এটা ভাবে তেওঁৰ কথাৰ মাজত বাধা জন্মালে। কিন্তু ডেকাই বুজিবলৈ একো বাকী নাথাকিল। লাহেকৈ ক'লে,–-“বাৰু, ভাবি-চিন্তি চাই যি হয় কৰিম।”

 এনেতে লগুৱাটোও তাতে ওলালহি। গাভৰুলৈ চাই কলেঃ—“আইদেউ! এই সন্ধিয়া পৰত তুমি ইয়াত কি কৰিছা?”

 গাভৰু লাজত ৰঙা পৰি লাহে লাহে সকলো কথা ক'লে।

 লগুৱাটোৱে তেতিয়া ডেকাজনলৈ চাই সুধিলে,—“আপুনি ক'ৰ পৰা আহিছে?”

 ডেকা।— মই বহুত দূৰৰপৰা আহিছোঁ।

 লগুৱা।—পাচে, ইয়াতে দেখোন আন্ধাৰ হ’লহি ৰাতিটো নো ক’ত থাকিব খুজিছে?

 ডেকা।—য'তে সুবিধা হয়।

 লগুৱা।—তেনেহলে আমাৰ ঘৰলৈকে আহক।