পৃষ্ঠা:ফুল.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ফুল।

সুৱলা মাতেৰে কুৰুলি দিছে। দুটা এটা কেৰ্ক্কেটুৱাই মনে মনে লোকৰ ভঁৰালত সোমাই, ধানৰ চেঁই কঢ়িয়াইছে। কোনো তিৰোতাই গিৰিয়েকক কোনো দূৰৈ ঠাইলৈ পঠিয়াব লগা হোৱাত পাটীৰ পৰা উঠি কাষত কলহ লৈ পানী আনিবলৈ গৈছে। ধীৰে ধীৰে পুৱাৰ মলয়া বলিছে আৰু গছবোৰত লাগি শোঁ-শোঁকৈ শব্দ উঠিছে। দুই এজন পুৱাতে উঠা অভ্যাস থকা মানুহে শোৱাৰ পৰা উঠি পিৰালি কাথিত বহি মুখ ধুইছে। এনে সময়তে, আমাৰ ফুল আইদেৱেও শোৱাৰ পৰা উঠি কাযত কলহ এটা লৈ নৈ পালে গৈ , পানীত নামি হাত মুখ ধুলে আৰু তাৰ পাচত একলহ পানী লৈ উভতি আহিল। দেবেন্দ্ৰ আৰু কনক এতিয়াও উঠা নাই। ফুলে কাকো নজগাই চোতাল পদূলি সাৰিলে,—চ’ৰা ঘৰৰ দুৱাৰ মুখত দুখন পীৰা পাৰি ওচৰতে এটা লোটা আৰু এখন গামোচা ঠিক কৈ ৰাখিলে। কাষতে তমোলৰ বটাটো সজাই থলে। তাৰ পাচত, লাহে লাহে ফুলনিত সোমাল গৈ আৰু এজোপা বকুল গছৰ তললৈ গ'ল। বকুলৰ সৰু সৰু ধুনীয়া ফুলবোৰ তল ঢাকি সৰি মল্‌মলাই আছিল, ফুলে তাৰে কিছুমান বুটলি কোঁচত ভৰাই ললে;—কল গছ এজোপাৰ পৰা এডাল সূতা যেন আঁহ উলিয়াই আনিলে আৰু নাহৰ জোপাৰ তলতে বহি মালা গাঁথিবলৈ লাগিল।

 দেবেন্দ্ৰ আৰু কনক দুয়ো শোৱাৰ পৰা উঠি হাত মুখ ধুলে। তাৰ পাচত, তমোল-ছালি খাই কথা-বতৰা হবলৈ