১ম।—কি হ’ল ভাঙি নকৱ কিয়?
মিনা।—আজি আমাৰ ফালে শবাধৰ সাং হৈছিল, আৰু কি?
৪ৰ্থ।—কেনেকৈ কি হ’ল, ভালকৈ নকৱ কিয়?
মিনা।—মই আৰু মোৰ জীৱটো থাকে মানে সেই হাবিৰ ওচৰলৈ নাযাওঁ। আজিয়েই শিকিলোঁ।
২য়।—এইটোক ভূতে পালে নে কি অ’? হেৰ হ’ল কি?
মিনা।—ৰ, তহঁতে আৰু উশাহটো লবলৈকো সময় নিদিবিচোন।
তাৰ পাচত অলপমান বেলি জিৰাই-শঁতাই লৈ মিনাৰামে ক’বলৈ ধৰিলে,—“দেশকাল তেনেই গুচিল। হাবি-বননি খাল-বিল,—গোটেইখন ভূত পিশাচেৰে ভৰিল। মই পাত আনিবলৈ গৈ সেইখিনি পালোঁগৈ হে, কৰবাৰ পৰা এজনী দাইনী নে যখিনী এটী ধুনীয়া গাভৰুৰ ৰূপ ধৰি মোৰ কাষলৈ চাপি আহিল। মই তেতিয়া পিশাচৰ মায়া নুবুজি ক’ৰ মানুহ, কেলেই হাবিৰ দাঁতিত ফুৰিছে, সুধিলোঁ। তাই কিবা-কিবি কৈছিল, কিন্তু মোৰ মনত একেষাৰ কথাও নৰ'ল। তাৰ পাচত, মই তাইক অকলশৰীয়া দেখি ঘৰলৈ লৈ আহিব খুজিছিলোঁ। কিন্তু এনেতে ক'ৰবাৰ পৰা বৰ দ’ত এডাল খেদা মাৰি আহিল। মই পাচলৈ নোচোৱাকৈ দিলোঁ লৰ, সিও পাচে পাচে খেদিবলৈ লাগিল। এতিয়া মই আহি তোমালোকৰ ওচৰ পালতে নোহোৱা হ'ল।