পৃষ্ঠা:ফুল.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৭
ফুল।

আকৌ সেই চিন্তা, আকৌ সেই দেবেন্দ্ৰৰ মূৰ্ত্তি। এইদৰে দেবেন্দ্ৰৰ ভাৱত বিভোল হৈ থাকোঁতেই ৰাতি শেহ-নিশা হ’লহি। লাহে লাহে শান্তিময়ী নিদ্ৰা-দেবীয়ে তেওঁৰ কোলাত ঠাই দি, ফুলৰ মনৰ চিন্তা-ভাবনা আঁতৰ কৰিলে। কিন্তু দেবেন্দ্ৰ-পটখনি সিমানতো দূৰ নহল, আকৌ স্বপ্নৰূপে তেওঁৰ কাষ চাপিবলৈ ধৰিলে।

⸺:*:⸺



পঞ্চম অধ্যায়।

⸺:*:⸺

বিদায়।

 ৰাতি পুৱাই আহিছে। নিস্তব্ধ জগতৰ নিফুট প্ৰাণ-বীণা বাজি উঠিছে। পূবফালে ৰঙা বেলিয়ে অলপ অলপকৈ দেখা দিছে কিন্তু চোকা তেজ দেখুৱাব পৰা নাই। তৰাবিলাকে বেলিৰ ৰশ্মিৰ আগত নিজৰ ক্ষুদ্ৰ ৰশ্মি দেখুৱাবলৈ লাজ পাই বোৱাৰী ছোৱালীৰ দৰে মেঘৰ ওৰণি লৈছে গৈ। গৃহস্থৰ ঘৰৰ ওপৰেদি দুই এটা কাউৰীয়ে ‘ৰাতি পুৱাল’, ‘শুই নেথাকিবি', ‘কামলৈ যাহি’ বুলি সিহঁতৰ ভাষাৰে ৰিঙিয়াই ৰিঙিয়াই কৈ উৰি গৈছে। ৰাতি “নিউ নিউ" কৈ ভয়লগা চিঞৰ মৰা ফেঁচাই এতিয়া