পৃষ্ঠা:ফুল.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
ফুল।

নোৱাৰিলে; চিৰদিন চকু-লো টোকোঁতেই গল। বলী ৰজাই ধৰ্ম্মৰ পৰা নিপিছলাৰ বাবেই পাতালত বন্দী হ'ল। মহাসতী সীতাদেবীয়ে জীৱনৰ ভিতৰত সুখৰ মুখ নেদেখিলে। গতিকে, এইটো ধুৰুপ যে, পৃথিবীত ধাৰ্ম্মিকৰ, সাধ্বী-সতীৰ মুখ নাই।

 “আৰু মনুষ্য জীৱন! তই অতি অসাৰ। কিয় আহ, কিয় যাৱ, কিয় দুদিনৰ নিমিত্তে টেটুত মায়া-ফাঁচ লগাই কলপ- জলপকৈ ফুৰ? সংসাৰৰ ভিতৰত ক'ৰবাত কিবা এটি ভাল বস্তু দেখিলে তই স্থিৰেৰে ৰ'ব নোৱাৰ, ততালিকে তাক লাভ কৰিলৈ যত্নৱান হৱ। আকৌ কিবা বিপদৰ আগন্তুক দেখিলে ভয়ত কোঁচ খাৱ। সুখৰ আগমন দেখিলে আনন্দত মতলীয়া হৱ, দুখত পৰা যেন দেখিলে ব্যাকুল হৈ পৰ। কিন্তু তই এবাৰো ভাবি চাৱনে সুখ কি, দুখ কি? ভাল কেনেকুৱা,? বেয়া কেনেকুৱা? তই দিনে ৰাতিয়ে মোৰ মোৰকৈ কতনাক সাবটি ধৰ, কতনাৰ মিলনত আনন্দাশ্ৰু টোক, কতনাৰ হাতত নিজক সঁপি দিয়, কিন্তু কেতিয়াবা ভুলতো তোৰ নিজৰ অস্তিত্বৰ বিষয় ভাবি চাৱ নে? এই তোৰ ইচ্ছা পূৰণৰ সুবিধা পালে আন কি, সৃষ্টিকৰ্ত্তাৰ বন্ধা নিয়মৰো বিপৰীতে চলিবলৈ পাচ হোঁহক নে? যদি তই ভূত-ভবিষ্যত একো নাভাবি,বৰ্ত্তমানৰ ক্ষন্তেকীয়া অসাৰ মায়াতেই বান্ধ খাই কাৰ্য্য় কৰ, তেন্তে আন আন পশু-পক্ষীৰ জীৱনতকৈ তই কেনেকৈ শ্ৰেষ্ঠ বোলাৱ? ধিক তই! ধিক তোৰ অহঙ্কাৰ!!