পৃষ্ঠা:ফুল.pdf/১৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বিংশ অধ্যায়।

⸻:০:⸻

পাপৰ পৰাচিত।

 এতিয়া জেঠ মাহ শেষ হৈ আষাঢ় সোমাইছে। সকলোৰে গাত নব যৌৱনৰ ভৰপক উঠিছে। আম-কঠালবিলাকে এই ভৰপকতে পক ধৰি মোক খা, মোক খা কৰিছে। ওপৰত লৰি লৰি ফুৰা ক’লা-বগা ডাৱৰ মাজে-সময়ে পকি পানী হৈ সৰিছে। নৈয়েও যৌৱনৰ ৰসত ওফন্দিবলৈ আৰম্ভ কৰিছে। বতৰৰ অৱস্থা সদায় একে নহয়। কেতিয়াবা হয়তো এজাক বৰষুণকে আনিছে, কেতিয়াবা আকৌ টিকাফটা ৰ'দে গাৰ তৰণি নোহোৱা কৰিছে। আজি কিন্তু বতৰৰ অৱস্থা মাজে মাজে। ৰ'দো নাই, বৰষুণো নাই; আকাশখন গোমা হৈ পৰিছে।

 প্ৰায় গৰু মেলামান সময় হৈছে; হালোৱাই হালবোৱাত ধুম্ধাম লগাইছে। এনে সময়ত এজন মানুহ সাপৰ নেগুৰ ছিগা বেগেৰে বৈ যোৱা ভৰলীৰ দাঁতিত ওলালহি। তেওঁৰ দীৰ্ঘাবয়ব, বীৰোচিত চকুৰ চাৱনি আৰু বহল হিয়াচৰিয়ে তেওঁক এজন শকত-আৱত, বলী আৰু ধুনীয়া মানুহ বুলি চিনাকি দিছে। তেওঁ নৈৰ পাৰত থিয় হৈ কবলৈ ধৰিলে,—“অত দিন, অত দিন মিছাতে ফুৰিলোঁ, মিছাই মিছাই জীৱন আধামৰা কৰিলোঁ।