চিনিলে যে সিহঁত তেওঁৰ নিজা মানুহ হে। তেতিয়া তেওঁ সেনাসকলৰ ফাললৈ চাই সুধিলেঃ—“তোমালোক আহিলা কেলেই?”
সেনা।—আপোনাৰ পলম হোৱা দেখি কিবা দুৰ্ঘটনা ঘটিল বুলি আগবাঢ়ি আহিছোঁ। পাচে, খবৰ কি?
দেবেন্দ্ৰ।—তিনটা মানসেনাই মোৰ ঘোৰাটো ধৰিছিল গৈ, মোক দেখিয়েই সিহঁতে তৰা-নৰা ছিঙি লৰ দিলে। মই খেদি আহি অলপ পাচত সিহঁতক পালোঁ আৰু দুটাক ধৰাশায়ী কৰিলোঁ। কিয়, তোমালোকে বাটত পাই অহা নাই নে?
সেনা— পাই আহিছোঁ, পাচে, সিটো⸺
দেবেন্দ্ৰ।—সি দুটাক মাৰোঁতেই সেইটো আকৌ লৰ মাৰিলে। মই খেদি খেদি সৌখিনিতেই লগ ধৰিছিলোঁ, কিন্তু তৰোৱাল দাঙি লৈ কোব মাৰিব খোজোঁতেই হঠাৎ নোহোৱা হ’ল। বিচাৰি বিচাৰি ক'তো নাপাই, এতিয়া উভতি আহিছোঁ।
সেনা।—তেনে হলে তো সৰ্ব্বনাশ! সি যদি আমাৰ বাতৰি সেনাপতিক দিয়ে গৈ তেন্তে আমি স্বৰ্গদেৱৰ লগ নৌ পাওঁতেই সিহঁতে আগ ভেটিবহি। গতিকে, বলকচোন আমিও বিচাৰোঁ গৈ।
দেবেন্দ্ৰ।—সি জানো একে ঠাইতে ৰৈ আছে?
সেনা।—কি ঠিক! সি জানো কম লৰিছে? কি জানি কৰবাত পৰিয়েই আছে। নহলে নো আপুনি নেদেখাকৈ সি