পৃষ্ঠা:ফুল.pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৬
ফুল ।

 দেবেন্দ্ৰ।—মই তোক ছোৱাছোৱাকৈ কাটি কাউৰ-শগুণক বিলাই দিম।

 মানসেনা।—মই আৰু খালত পৰোতেই মৰিলোঁ‌। তই এতিয়া ৰাখিলেও ৰাখ, মাৰিলেও মাৰ। তই আৰু যি কৰিব খুজিছ, কৰ॥

 দেবেন্দ্ৰ।—বাৰু মই তোক নামাৰোঁ‌। তই তাৰ বাবে মোক কি কৰি দিবি?

  মানসেনা।—মই নো আৰু কি কৰিম। কি কৰিব লাগে, তই কবি, মই আৰু কৰি দিম।

 বেবেন্দ্ৰ।— তহঁতৰ সৈন্য ক'ত আছে?
 মানসেনা।—তহঁতৰ ৰজা বোলে আকৌ উজাই আহিছে, আমি সেই দেখি ভটীয়াই আহিছোঁ‌।

 দেবেন্দ্ৰ।—তহঁতৰ সৈন্য কোন কেনি আছে, মোক ক'ব লাগিব।

 মানসেনা।—তই যি কৱ, তাকে কৰিম, মুঠেই আমাৰ মানুহৰ লগত যুঁ‌জ কৰিবলৈ নকবি॥

 দেবেন্দ্ৰ।—তোক যুঁজ কৰিবলৈ কোৱা নাই। আন বিষয়ত হে—

 মানসেনা।— মই যি পাৰোঁ‌ কৰিম। তই দেখিবি নহয়।
 দেবেন্দ্ৰ।—বাৰু, মই তোৰ কথাত বিশ্বাস কৰি মান্তি হলোঁ‌। আৰু তোক স্বাধীনতা দিলোঁ‌। কিন্তু সাৱধান! কথা অলপ লৰ চৰ হলে, বৰ শোচনীয় পৰিণাম ভুঞ্জিব লাগিব।
 কথা বতৰা হৈ থাকোঁতেই ৰাতি প্ৰায় দুপৰ হ’ল; দেবেন্দ্ৰই